নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাভ জেহাদঃ শৰ্মা উপাধিৰে কিশোৰীক জালত পেলাই ৰঙাঘৰলৈ মাইনুল

নিয়মীয়া বার্তা, ২৬নৱেম্বৰঃ বিশ্ব হিন্দু পৰিষদৰ পদক্ষেপ আৰু নলবাৰী আৰক্ষীৰ উদ্যোগত পুনৰ এজন লাভ জেহাদী আটক হৈছে ৷ সোমবাৰে এটা বিবৃতিত বিশ্ব হিন্দু পৰিষদৰ নলবাৰী জিলা সমিতিৰ সভাপতি ঈশ্বৰ চন্দ্র গোস্বামী আৰু সাধাৰণ সম্পাদক কমলেশ্বৰ ৰাজবংশীয়ে জনোৱা মতে, নলবাৰীৰ পয়লাৰ পৰা এজন লাভ জেহাদীক আৰক্ষীয়ে গ্রেপ্তাৰ কৰি জে’ললৈ প্রেৰণ কৰে ৷ বিবৃতিটোত উল্লেখ কৰা মতে, নলবাৰী জিলাৰ পয়লাৰ মাইনুল আলীয়ে (১৯) নিজকে শর্মা উপাধিৰ যুৱক বুলি কৈ যোৱা ২০ নৱেম্বৰত এগৰাকী পোন্ধৰ বছৰীয়া হিন্দু যুৱতীক বন্ধুত্বৰ ছলেৰে ফুৰিবলৈ লগ ধৰি অপহৰণ কৰি নি ধুবুৰীত ৰাখে ৷ পিছত ছোৱালীৰ পৰিয়ালে বিশ্ব হিন্দু পৰিষদৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত নলবাৰী সদৰ থানাত দিয়া এজাহাৰৰ ভিত্তিত যোৱা ২২ নৱেম্বৰত আৰক্ষীয়ে ল’ৰা–ছোৱালী উভয়কে উদ্ধাৰ কৰে ৷ পিছত লাভ জেহাদী মাইনুল আলীক আদালতত হাজিৰ কৰায় ৷ পৰৱর্তী সময়ত কিশোৰীৰ ভাষ্যত সমগ্র অপহৰণ কাণ্ড আৰু ধর্মান্তৰকৰণৰ বাবে দিয়া হেঁচাৰ বিষয় পোহৰলৈ আহে ৷ তাৰ পিছত নলবাৰী আৰক্ষীয়ে কিশোৰীগৰাকীক পৰিয়ালৰ হাতত চমজাই দিয়ে আৰু মাইনুল আলীক নলবাৰী আৰক্ষীয়ে জে’ললৈ প্রেৰণ কৰে ৷ তদুপৰি, বিশ্ব হিন্দু পৰিষদৰ নলবাৰী জিলা সমিতিৰ তৰফৰ পৰা সকলো মুছলমান লাভ জেহাদীক কঠোৰভাৱে সতর্ক কৰি দিয়ে, যাতে ভৱিষ্যত হিন্দু ধর্মৰ লগতে হিন্দু যুৱতীৰ লগত এনেকুৱা হিন্দুবিৰোধী কামত জড়িত নহয় ৷ উল্লেখ্য যে, নলবাৰীত উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰী, আৰক্ষী অধীক্ষক অমনজিৎ কৌৰ আৰু সদৰ থানাত তপন কলিতাই অ’ চি হিচাপে যোগদান কৰাৰ পিছৰে পৰা আইন–শৃংখলা পৰিস্থিতি উন্নত হোৱাৰ লগতে লাভ জেহাদীৰ বিৰুদ্ধে কঠোৰ হোৱা পৰিলক্ষিত হৈছে ৷

You might also like