নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোকসংস্কৃতিৰ সাধক ড০ অনিল শইকীয়াক ‘ড০ ভূপেন হাজৰিকা সাংস্কৃতিক বঁটা’ প্রদান

নিয়মীয়া বাৰ্তা ৬ নৱেম্বৰ: অসমীয়াৰ হিয়াৰ আমঠু বিশ্ববিশ্রুত শিল্পী ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাবিহীন এটা দশক পূর্ণ হ’ল৷ শুকুৰবাৰে দশম মৃত্যুবার্ষিকীৰ দিনটোত সুধাকণ্ঠ ড০ হাজৰিকাক গীতে–মাতে স্মৰণ কৰিলে অসমবাসীয়ে৷ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ মুখৰ হৈ পৰিল বিশ্ববিশ্রুত শিল্পীগৰাকীৰ গীতেৰে৷ অসংখ্যজনে প্রিয় শিল্পীগৰাকীক মৃত্যুবার্ষিকীত জ্ঞাপন কৰে শ্রদ্ধাঞ্জলি৷

জালুকবাৰীস্থিত সমাধিক্ষেত্রত সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত দশম মৃত্যুবার্ষিকী উপলক্ষে আয়োজন কৰা হয় বিশেষ অনুষ্ঠানৰ৷ পুৱাৰে পৰা সমাধিক্ষেত্রলৈ লানি লাগে অসংখ্য গুণমুগ্ধৰ৷ প্রত্যেকৰে এটাই উদ্দেশ্য– সুধাকণ্ঠৰ প্রতি শ্রদ্ধাঞ্জলি জনোৱা৷ ইয়াৰ সমান্তৰালভাৱে বিভিন্নজনে পৰিৱেশন কৰে ড০ হাজৰিকাৰ গীত৷

অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু সাংস্কৃতিক পৰিক্রমা মন্ত্রী বিমল বৰাই সমাধিক্ষেত্রত উপস্থিত হৈ সুধাকণ্ঠৰ প্রতি শ্রদ্ধাঞ্জলি জনায়৷ সেইদৰে সদৌ অসম ছাত্র সন্থাই দীঘলীপুখুৰী পাৰৰ প্রতিমূর্তিস্থলীত শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে৷ ছাত্র সন্থাৰ এই অনুষ্ঠানতো সুধাকণ্ঠৰ অসংখ্য অনুৰাগীৰ ভিৰ পৰিলক্ষিত হয়৷ সন্ধিয়াৰ ভাগলৈ ছাত্র সন্থাই বন্তি প্রজ্বলনেৰে সুধাকণ্ঠক সোঁৱৰণ কৰে৷

সেইদৰে নিজৰাপাৰস্থিত সুধাকণ্ঠৰ বাসগৃহত ড০ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে এক মাংগলিক অনুষ্ঠানৰ আয়োজন কৰে৷ বন্তি প্রজ্বলন, ঘোষাপাঠ আদিৰে বিশ্ববিশ্রুত শিল্পীগৰাকীলৈ শ্রদ্ধাঞ্জলি জনায়৷

ইফালে দশম মৃত্যুবার্ষিকীৰ দিনটোৰ সৈতে সংগতি ৰাখি লোকসংস্কৃতিৰ সাধক অনিল শইকীয়াক অসমীয়া লোকসংস্কৃতি আৰু সাহিত্যৰ ক্ষেত্রলৈ আগবঢ়োৱা অৱদানৰ বাবে গুৱাহাটী ৰ’টাৰী ক্লাবে ড০ হাজৰিকা সাংস্কৃতিক বঁটা প্রদান কৰে৷ গুৱাহাটী প্রেছ ক্লাবত আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত বঁটা গ্রহণ কৰি ড০ শইকীয়াই এজন গৱেষকৰ দৃষ্টিভংগীৰে অসমীয়া সমাজত ড০ হাজৰিকাৰ গীত আৰু প্রবন্ধৰ আর্থ–সামাজিক তথা সাংস্কৃতিক দিশৰ ওপৰত আলোকপাত কৰে৷

লগতে সম্প্রতি অসমীয়া জনজীৱনত ড০ হাজৰিকা, তেওঁৰ সৃষ্টি আৰু চিন্তাৰ প্রাসংগিকতা সম্পর্কেও উল্লেখ কৰে ড০ শইকীয়াই৷ গুৱাহাটীত আন বিভিন্ন দল–সংগঠন আৰু অনুষ্ঠান–প্রতিষ্ঠানেও সুধাকণ্ঠৰ দশম মৃত্যুবার্ষিকীৰ দিনটোত আয়োজন কৰিছিল শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ৷

You might also like