নিয়মীয়া বাৰ্তা, ১৫ ফেব্ৰুৱাৰীঃ ফিল্মফেয়াৰ এৱাৰ্ডছৰ বাবে অসমলৈ অহা বলীউড তাৰকাই আজি আশীষ লোৱা দেখা গ’ল মা কামাখ্যা ধামত । শুকুৰবাৰে গুৱাহাটীত উপস্থিত হোৱা বলীউড তাৰকা বৰুণ ধাৱন , আয়ুস্মান খুৰানা আৰু প্ৰযোজক-পৰিচালক কৰণ জোহৰ শনিবাৰে পুৱাই উপস্থিত হয় মা কামাখ্যা ধামত । কামাখ্যা ধামত উপস্থিত হৈ আশীষ লয় এই তিনি বলীউড তাৰকাই ।