নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শান্তি চুক্তিৰ পেকেজৰ নামত ললীপপ

কাগজৰ পাততে আবদ্ধ উগ্ৰপন্থী সংগঠনৰে কেন্দ্ৰৰ চুক্তিৰ চৰ্ত

নিয়মীয়া বাৰ্তা, ৫ মাৰ্চঃ শান্তি চুক্তিৰ নামত বিশেষ পেকেজৰ কথা ঘোষণা কৰি বিদ্ৰোহী সংগঠনসমূহক ইমানদিনে ললীপপহে দি আহিছে কেন্দ্ৰই । চুক্তিত ঘোষণা কৰা অনুসৰি নিৰ্দিষ্ট সময়ৰ ভিতৰত পোৱাটো দূৰৰে কথা, আজিকোপতি স্বায়ত্তশাসিত পৰিষদসমূহে কেন্দ্ৰৰ পৰা নাপালে বিশেষ পেকেজৰ সম্পূৰ্ণ ধনৰাশি । বুধবাৰে লোকসভাৰ মজিয়াত কেন্দ্ৰীয় উত্তৰ-পূৰ্বাঞ্চল মন্ত্ৰী জিতেন্দ্ৰ সিঙৰ তথ্যতে এই কথা স্পষ্ট হৈছে । লোকসভাৰ প্রশ্নোত্তৰ কালত ৰাজ্যৰ সাংসদ প্রদ্যুৎ বৰদলৈৰ এক প্রশ্নৰ উত্তৰত মন্ত্রী সিঙে প্রদান কৰা তথ্য অনুসৰি বিটিচি, কার্বি আংলঙৰ কে এ এ টি চি আৰু ডিমা হাছাওৰ ডি এইচ এ টি চি পেকেজৰ এতিয়াও ৪১৯.৩ কোটি টকা অনাদায় হৈ আছে ৷ অথচ চুক্তি অনুসৰি কেতিয়াবাই উক্ত পুঁজি কেন্দ্রই মোকলাই দিব লাগিছিল ৷

উল্লেখ্য যে ২০০৩ চনৰ ১০ ফেব্রুৱাৰীত কেন্দ্রই বিটিচি চুক্তি স্বাক্ষৰ কৰাৰ পাছত ‘বিটিচি পেকেজ’ হিচাপে দিব লগা আছিল প্রতি বছৰে ১০০ কোটি টকাকৈ মুঠ ৭৫০ কোটি টকা ৷ পিছে চুক্তি স্বাক্ষৰ হোৱাৰ ১৭ বছৰৰ পাছতো বিটিচিয়ে নাপালে সম্পূর্ণ পুঁজি৷ লোকসভাৰ প্রশ্নোত্তৰ কালত মন্ত্রী জিতেন্দ্র সিঙে প্রদান কৰা তথ্য অনুসৰি, ২০১৯–২০ চনলৈকে বিটিচিয়ে লাভ কৰিছে ৭১১.১৯ কোটি টকা ৷ এতিয়াও বকেয়া পুঁজিৰ পৰিমাণ হৈছে ৩৮.৮১ কোটি টকা৷ একেদৰে ২০১১ চনৰ ২৫ নৱেম্বৰত স্বাক্ষৰিত কার্বি চুক্তি অনুসৰি কার্বি আংলং স্বায়ত্তশাসিত পৰিষদে (কে এ এ টি চি) পাবলগীয়া আছিল বছৰি ৭০ কোটি টকাকৈ মুঠ ৩৫০ কোটি৷ ২০১৬ চনৰ ভিতৰত কে এ এ টি চিয়ে পাব লাগিছিল উক্ত বিশেষ পেকেজৰ ধন৷ কিন্তু চুক্তি স্বাক্ষৰিত হোৱাৰ প্রায় ৯ বছৰ পাছত চলিত বিত্তীয় বর্ষলৈকে কে এ এ টি চিয়ে লাভ কৰিলে ৩৫০ কোটিৰ মাত্র ৯৫.৭১ কোটি টকাহে৷ বকেয়া পুঁজিৰ পৰিমাণ হৈছে ২৫৪.২৯ কোটি টকা৷ আকৌ ২০১২ চনৰ ৮ অক্টোবৰত স্বাক্ষৰিত ডিমাচা চুক্তি অনুসৰি ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদে (ডি এইচ এ টি চি) পাবলগীয়া আছিল বছৰি ৪০ কোটিকৈ মুঠ ২০০ কোটি টকা ৷

পিছে চুক্তি স্বাক্ষৰিত হোৱাৰ প্রায় ৮ বছৰ পাছত ডি এইচ এ টি চিয়ে এতিয়ালৈকে লাভ কৰিছে মাত্র ৭৩.৮০ কোটি টকা৷ অনাদায় ধনৰাশিৰ পৰিমাণ হৈছে ১২১.৩৯ কোটি টকা৷ লক্ষণীয়ভাৱে মন্ত্রী জিতেন্দ্র সিঙে প্রদান কৰা লিখিত বিবৃতি অনুসৰি ২০১২ চনত ডিমা হাছাও চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত ২০১৪–১৫ চনলৈকে কেন্দ্রই স্বায়ত্তশাসিত পৰিষদখনক এপইচাও মোকলাই দিয়া নাছিল৷ বছৰি ৪০ কোটি টকালৈ দিয়াৰ কথা আছিল যদিও ২০১৫–১৬ চনত কেন্দ্রই পোনপ্রথমবাৰৰ বাবে মোকলাই দিলে ৩৭.২৪ কোটি টকা৷ ইয়াৰ পাছত ২০১৬–১৭ চনত কেন্দ্রই ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদক প্রদান কৰিলে মাত্র ৮ লাখ টকাহে৷ মন্ত্রী জিতেন্দ্র সিঙে নিজেই সদনৰ মজিয়াত এই কথা জনাইছে৷ অনুৰূপভাৱে ২০১৭–১৮, ২০১৮–১৯ আৰু ২০১৯–২০ চনত কেন্দ্রই ডি এইচ এ টি চিক প্রদান কৰিলে ক্রমে ২৩.৩৭ কোটি, ১২ কোটি আৰু ১.১১ কোটি টকা৷ একেই অৱস্থা কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰো৷ ২০১১ চনত স্বাক্ষৰিত কার্বি চুক্তিৰ পাছত পৰিষদখনে বছৰি পাবলগীয়া আছিল ৭০ কোটি টকাকৈ৷ পিছে চুক্তি স্বাক্ষৰ হোৱাৰ তিনি বছৰ পাছত ২০১৪ চনলৈকে কার্বি আংলঙে লাভ কৰিলে মাত্র ১.৭২ কোটি টকাহে৷ ইয়াৰ পাছত ২০১৪–১৫ চনত ১০.৫১ কোটি, ২০১৫–১৬ চনত ৫.১৫ কোটি টকা আৰু ২০১৬–১৭ চনত কার্বি আংলঙে লাভ কৰিলে ৩.৪৪ কোটি টকা ৷ ২০১৭–১৮ চনত কেন্দ্রই এপইচাও মোকলাই নিদিলে৷ ইয়াৰ পাছত ২০১৮–১৯ আৰু ২০১৯–২০ চনত কেন্দ্রই মোকলাই দিলে ৩৯.৬২ কোটি আৰু ৩৫.২৭ কোটি টকা৷ আনহাতে, ২০০৩ চনত বিটিচি চুক্তি স্বাক্ষৰিত হোৱাৰ ১১ বছৰৰ ভিতৰত অর্থাৎ ২০১৪ চনলৈকে কেন্দ্রই বিটিচিক প্রদান কৰিছিল ৭৫০ কোটিৰ ৫৭৩.৬১ কোটি টকা৷ অথচ বছৰি বিটিচিয়ে পাবলগীয়া আছিল ১০০ কোটি টকাকৈ৷ ইয়াৰ পাছত ২০১৪–১৫ বিত্তীয় বর্ষৰ পৰা ২০১৯–২০ বিত্তীয় বর্ষলৈকে অর্থাৎ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ কার্যকালত যোৱা ৬ বছৰত বিটিচিয়ে লাভ কৰিলে মাত্র ১৩৭.৫৮ কোটি টকাহে৷ ইয়াৰ ভিতৰত ২০১৮–১৯ চনত কেন্দ্রই পেকেজৰ এপইচাও মোকলাই দিয়া নাছিল৷ লক্ষণীয়ভাৱে মন্ত্রী জিতেন্দ্র সিঙে প্রদান কৰা বিবৃতিৰ পৰা আন এটা উদ্বেগজনক কথা প্রতিফলিত হৈছে৷ সেয়া হৈছে কেন্দ্রই স্বায়ত্তশাসিত পৰিষদসমূহৰ সকলো আঁচনিত অনুমোদনো জনোৱা নাই ৷

বিটিচিৰ ৭৫০ কোটি টকাৰ মুঠ ৬৫খন আঁচনিত ৭৪৯.৬৪ কোটি টকা অনুমোদন জনাইছে যদিও ডিমা হাছাওত মাত্র ১০খন আঁচনিৰ বাবে মাত্র ১২১.৩৯ কোটি টকাহে অনুমোদন জনাইছে৷ অর্থাৎ চুক্তি স্বাক্ষৰিত হোৱাৰ ৮ বছৰ পাছতো ডিমা হাছাওত এতিয়াও ৭৮.৬১ কোটি টকাৰ আঁচনিত অনুমোদন জনাবলৈ বাকী আছে৷ একেদৰে কার্বি আংলঙতো মাত্র ২০খন আঁচনিৰ বাবে কেন্দ্রই এতিয়ালৈকে মাত্র ১৮৭.২৭ কোটি টকাত অনুমোদন জনাইছে৷ অর্থাৎ চুক্তি স্বাক্ষৰিত হোৱাৰ ৯ বছৰ পাছতো কার্বি আংলঙত ১৬২.৭৩ কোটি টকাৰ আঁচনিত অনুমোদন জনাবলৈ বাকী আছে৷ শান্তি চুক্তিক লৈ কেন্দ্রৰ এই লালী পপৰ মাজতেই যোৱা ২৭ জানুৱাৰীত স্বাক্ষৰিত হ’ল আন এখন বডো চুক্তি৷ এইবাৰ কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে বডোলেণ্ডক ৭৫০ কোটি টকাকৈ মুঠ ১,৫০০ কোটি টকাৰ বিশেষ পেকেজ প্রদান কৰাৰ কথা৷ প্রতি বছৰে ৫০০ কোটি টকাকৈ তিনি বছৰৰ ভিতৰত বিটিচিয়ে ১,৫০০ কোটি টকা লাভ কৰিব৷ ২০০৩ চনত স্বাক্ষৰিত চুক্তিৰ বিশেষ পেকেজৰ ধনৰাশিয়েই কেন্দ্রই যেতিয়া মোকলাই দিব পৰা নাই, তেনে অৱস্থাত ১,৫০০ কোটি টকীয়া বিশেষ পেকেজৰ পুঁজি সময়মতে দিব পাৰিবনে? ড’নাৰমন্ত্রী জিতেন্দ্র সিঙে লোকসভাৰ মজিয়াত আজি প্রদান কৰা বিবৃতিৰ পৰাই এই সন্দেহৰ উদ্রেক হৈছে৷

You might also like