নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শাহুৱেকৰ হৈ বোৱাৰীয়েক বহিল মেট্রিক পৰীক্ষাতঃ আটক হ’ল শাহু-বোৱাৰী

নিয়মীয়া বাৰ্তা, ৫ মাৰ্চ:  শাহুৱেকক উত্তীর্ণ কৰাবলৈ বোৱাৰীয়েক অৱতীর্ণ হ’ল মেট্রিক পৰীক্ষাত৷ এই ঘটনা সংঘটিত হৈছে ধেমাজিৰ জীয়াধল হাইস্কুল পৰীক্ষা কেন্দ্রত৷ বোৱাৰীয়েক আহতেশ্বৰীয়ে শাহুৱেক জবাৰাণীৰ হৈ পৰীক্ষা দি ধৰা পৰি আটক হ’ব লগা হ’ল আৰক্ষীৰ হাতত৷ লগতে শাহুৱেক জবাৰাণীকো আৰক্ষীয়ে আটক কৰিছে৷ কালিৰ পৰা আৰম্ভ হোৱা মেড্রিক পৰীক্ষাত পূব জীয়াধল হাইস্কুলৰ পৰীক্ষার্থী আছিল শদিয়াৰ অমৰপুৰৰ বাসিন্দা জবাৰাণী চন্দী৷ কিন্তু জীয়াধল হাইস্কুল পৰীক্ষা কেন্দ্রত শাহুৱেকৰ হৈ পৰীক্ষা দিছিল জবাৰাণী চন্দীৰ বোৱাৰীয়েক আহতেশ্বৰী পেগুৱে৷ নিৰীক্ষকে এডমিট কার্ড পৰীক্ষা কৰাৰ সময়ত ফটো আৰু পৰীক্ষা দিয়া প্রার্থীগৰাকীৰ চেহেৰাৰ অমিল পাই বিষয়টো অৱগত কৰে কেন্দ্রটোৰ ভাৰপ্রাপ্ত বিষয়াক৷ সোধা–পোছাৰ অন্তত আহতেশ্বৰী পেগুৱে স্বীকাৰ কৰে শাহুৱেকৰ হৈ পৰীক্ষাত অৱতীর্ণ হোৱাৰ কথা৷ কেন্দ্রটোৰ কর্তৃপক্ষহ ধেমাজি সদৰ থানাত এহ বিষয়ে এখন এজাহাৰ দাখিল কৰাত ধেমাজি আৰক্ষীয়ে আটক কৰে দুহ শাহু–বোৱাৰী ক্রমে জবাৰাণী চন্দী আৰু আহতেশ্বৰী পেগুক৷

You might also like