নিয়মীয়া বাৰ্তা,১৪ নৱেম্বৰঃ এইবাৰ শিক্ষকো নামিল মাৰাত্মক ড্ৰাগছৰ বেহাত । শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিক কলংকিত কৰি ড্ৰাগছৰ ব্যৱসায় চলাই থকা তুলেন মৰাণ নামৰ লোকজনক পেঙেৰীত বুধবাৰে ড্ৰাগছসহ হাতে-লোটে ধৰা পেলাই স্থানীয় যুৱকে । ইনথেন মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক তুলেন মৰাণক বুধবাৰে পুৱা বিদ্যালয়লৈ গৈ থকা অৱস্থাত দুজন যুৱকে ৰাস্তাত তেওঁৰ গাড়ীখন আগচি ধৰি তালাচী চলায় আৰু উদ্ধাৰ কৰে ড্ৰাগছ । যুৱক দুজনৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হৈ গাড়ীসহ ঘটনাস্থলীৰ পৰা পলায়ন কৰে শিক্ষকজন । পৰৱৰ্তী সময়ত মাকুমত যুৱকৰ এটা দলে শিক্ষকৰূপী ড্ৰাগছ ব্যৱসায়ীজনক আৱদ্ধ কৰিবলৈ সক্ষম হয় । বৰডুমচাৰ মাধৱপুৰ গাঁৱৰ শিক্ষক তথা মাৰ্ঘেৰিটা মহকুমা মধ্য ইংৰাজী বিদ্যালয় শিক্ষক সংস্থাৰ সম্পাদকজনৰ বিৰুদ্ধে দীৰ্ঘদিনৰ পৰা ড্ৰাগছৰ বেহাৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপন হৈ আহিছিল । ইফালে শিক্ষকজনক আৱদ্ধ কৰা স্থানীয় যুৱক বিপ্লৱ সোণোৱাল আৰু অৰুণ কছাৰী বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে । স্থানীয়ভাৱে প্ৰাপ্ত তথ্য মতে, ব্যৱসায়িক লেনদেনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সংঘাতৰ পৰিপ্ৰেক্ষিততেই এই ঘটনাটো সংঘটিত হয় । ইতিমধ্যে তুলেন মৰাণৰ বিৰুদ্ধে যুৱক দুজনে পেঙেৰী থানাত এজাহাৰ দাখিল কৰে যদিও এজাহাৰ উঠাই লোৱাৰ চেষ্টা কৰাৰ পাচতেই ভাৰপ্ৰাপ্ত বিষয়াই উঠাই লোৱাৰ বিষয়টো অস্বীকাৰ কৰে । এই এজাহাৰৰ ভিত্তিতে পেঙেৰী থানাত ৬২/২০১৯ নম্বৰৰ এক গোচৰ পঞ্জীভুক্ত হৈছে । ইফালে সদৌ মৰাণ ছাত্ৰ সন্থাৰ বিষয়ববীয়াই ধৃত শিক্ষক তুলেন মৰাণক লৈ মাকুমৰ পৰা বৰডুমচা থানালৈ গৈছে । ধৃত শিক্ষকজনৰ মতে , তেওঁৰ জিম্মাৰ পৰা ড্ৰাগছ উদ্ধাৰ হোৱা ঘটনাটো পূৰ্বপৰিকল্পিত । দৰাচলতে যুৱক দুজনৰ এজনে গাড়ীত ড্ৰাগছৰ টোপোলাটো কৌশলেৰে ৰাখিছিল । অৱশ্যে আৰক্ষীৰ তদন্তই হে ঘটনাৰ প্ৰকৃত ছবিখন পোহৰলৈ আনিব ।