নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“শিক্ষানুষ্ঠানত ৰেগিং চলিবলৈ দিয়া নহ’ব”-ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্য

নিয়মীয়া বাৰ্তা, ১২ ডিচেম্বৰ: “ৰেগিং বন্ধ হ’বই লাগিব। ই সামাজিক ব্যাধি। কোনো বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ত ৰেগিং চলিবলৈ দিয়া নহ’ব।”-এই স্পষ্ট মত সদৌ অসম ছাত্ৰ সন্হাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ। শেহতীয়াকৈ  ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসত সংঘটিত ৰেগিং ঘটনাই সমগ্ৰ অসম জোকাঁৰি যোৱাৰ সময়তে আছুৰ মুখ্য উপদেষ্টা ড০ ভট্টাচাৰ্যই ভাদৈত ডিব্ৰুগড় জিলা আছুৰ দ্বাৰা ভাদৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত ভাওনা সমাৰোহত উপস্থিত হৈ সাংবাদিকৰ আগত ৰেগিঙৰ সন্দৰ্ভত কয় যে “সদৌ অসম ছাত্ৰ সন্থাই অসমৰ সমূহ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ কৰ্তৃপক্ষক ৰেগিং বন্ধ কৰিবলৈ দাবী জনাইছোঁ । কৰ্তৃপক্ষই গ্ৰহণ কৰা পদক্ষেপক আছুৱে সম্পূৰ্ণ সমৰ্থন কৰি যাব। শিক্ষানুষ্ঠানৰ ৯৯.৯ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে ৰেগিংৰ বিৰোধিতা কৰি আহিছে মাত্ৰ পইন্ট ১ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে এই সামাজিক ব্যাধিৰ আশ্ৰয় লৈছে । গতিকে সেইসকলৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে কৰ্তৃপক্ষই। শিক্ষানুষ্ঠান সমূহত ৰেগিং বন্ধ হ’বই লাগিব বুলি মন্তব্য কৰে আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।

আনহাতে কালি নিশা সামৰণি পৰা ভাওনা সমাৰোহ আৰু বঁটা বিতৰণী অনুষ্ঠানত অংশ গ্ৰহণ কৰে মাজুলীৰ  দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱগোস্বামীয়ে । সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীত খ্ৰীষ্টান মিছনেৰীসকলৰ আগ্ৰাসনৰ সন্দৰ্ভত সত্ৰাধিকাৰগৰাকীয়ে সংবাদ মাধ্যমক গুৰুত্বপূৰ্ণ মন্তব্য কৰে । সত্ৰাধিকাৰ গৰাকীয়ে কয় যে মাজুলীত বানপানী আদি সমস্যাৰ দৰে অন্যান্য বিপদবিলাক সৃষ্টি হৈ থকাৰ সময়তে শিক্ষা, খাদ্য, নাও আদিবিলাক টোপ হিচাপে আগবঢ়াই মিছিং সমাজক খ্ৰীষ্টান ধৰ্ম প্ৰদান কৰে। সমাজ সুদৃঢ় কৰাৰ চিন্তাৰে ব্যক্তিক সনাতন ধৰ্ম ল’ব খুজিলেহে দিয়া যায় কিন্তু মিছনেৰী সকলে বলপূৰ্বক ভাৱে তেওঁলোকৰ ধৰ্মটো ব্যক্তি সমূহৰ ওপৰত জাপি দিয়ে। এইক্ষেত্ৰত সত্ৰসমূহে কোনোদিনে কোনো ব্যক্তিক হেয় প্ৰতিপন্ন কৰা নাই। বৰঞ্চ মাজুলীৰ কণ কণ ছাত্ৰ ছাত্ৰী সকলৰ মাজত আধ্যাত্মিক শিক্ষা প্ৰদানৰ চেষ্টা কৰাৰ লগতে নাৰীসকলকো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কিছু চিন্তা চৰ্চা চলাই থকা হৈছে বুলি মন্তব্য কৰে সত্ৰাধিকাৰ গৰাকীয়ে।

আনহাতে আছুৰ দ্বাৰা অনুষ্ঠিত ভাওনা সমাৰোহৰ সন্দৰ্ভত তেখেতে কয় যে মানৱৰ আধ্যাত্মিকতা জ্ঞানৰ ব্যতিৰেকে কেতিয়াও পূৰ্ণতা লাভ কৰিব নোৱাৰে। এই ভাওনা সমাৰোহৰ জৰিয়তে শিশুসকলৰ মনত যি আধ্যাত্মিক জ্ঞানৰ সোপান সৃষ্টি কৰিলে সেয়া অতি প্ৰশংসনীয় বুলি আছুৰ আধ্যাত্মিক আন্দোলনক উচ্চ প্ৰশংসা কৰে সত্ৰাধিকাৰ ননীগোপাল দেৱগোস্বামীয়ে । জাতিৰ চৰিত্ৰ গঠনৰ পূৰ্ণ কমাৰশালস্বৰূপ ছাত্ৰ সন্হাৰ মজিয়াত সকলো ধৰ্মৰ সদস্যসকল আছে । কিন্তু সুস্থ সবল মানৱতা উদ্বুদ্ধ কৰিব পৰা আধ্যাত্মিক চিন্তা চেতনা যদি এই মঞ্চত সমবেত নহয় তেন্তে জাতিৰ গঠন সম্ভৱ নহ’ব। সেয়ে ছাত্ৰ সন্হাই অনাগত সময়তো আধ্যাত্মিক কচৰৎ চলাই যাব বুলি আশাবাদী সত্ৰাধিকাৰ গৰাকী। ইফালে একেটা অনুষ্ঠানতে সদৌ অসম ছাত্ৰ সন্হাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই  হোমেন সোণোৱাল আৰু অৰ্জুন চেত্ৰীৰ সম্পাদনাত উলিওৱা স্মৃতিগ্ৰন্হ “সূদৰ্শন” উন্মোচন কৰে ।

সদৌ ডিব্ৰুগড় জিলা সন্হাৰ সভাপতি বুলবুল দত্তই সভাপতিত্ব কৰা ভাওনা সমাৰোহ সামৰণি আৰু বঁটা বিতৰণী অনুষ্ঠানটি উদ্বোধন কৰে আছুৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মাই । উৎপল শৰ্মাই উদ্বোধনী ভাষণত কয় যে যেতিয়া জাতিটোৰ সংকটৰ সন্মুখীন হয় সেইসময়ত ৰাজপথৰ আন্দোলন, প্ৰতিবাদী মিছিল তথা তেনে আন্দোলনৰ প্ৰয়োজনীয়তা থাকে । কিন্তু তেনে আন্দোলনৰ সমান্তৰালভাৱে শৈক্ষিক-বৌদ্ধিক আন্দোলন, অৰ্থনৈতিক আন্দোলন, আধ্যাত্মিক আন্দোলন আৰু পৰিকল্পিত সাংস্কৃতিক সংগ্ৰাম লাগিব । যেতিয়া প্ৰজন্মৰ পৰা প্ৰজন্মলৈ আধ্যাত্মিক চেতনাৰ সূঁতি বৈ যায় তেতিয়া আগৰ প্ৰজন্মই পিছৰ প্ৰজন্মক দেখুৱাই যোৱাৰ বাটেৰে নজনাকৈ আধ্যাত্মিক আন্দোলনৰ গঢ় লয় । প্ৰজন্ম বাগৰি অহা তেনে আন্দোলনো অসমত প্ৰয়োজন। আনহাতে ভাওনা কলাৰ উপৰি যিবোৰ উপাদানে অসমীয়া সংস্কৃতিক সমৃদ্ধ কৰিছে সেই উপাদান সমূহো আমাৰ ছাত্ৰ ছাত্ৰীসকলে চৰ্চা কৰাৰ প্ৰয়োজন বুলি আছুৰ নেতাগৰাকীয়ে মন্তব্য কৰে। এই ভাওনা মঞ্চৰ পৰাই আছুৰ ভাৰপ্ৰাপ্ত সভাপতি গৰাকীয়ে ভাওনা শিল্পকলাৰ সৈতে জড়িত থকা শিল্পীসকলক উচিত মৰ্যদা প্ৰদান কৰা আৰু ভাওনা সংস্কৃতি প্ৰচাৰ-প্ৰসাৰৰ ক্ষেত্ৰত ৰজাঘৰীয়াক ব্যৱস্হা গ্ৰহণৰ দাবী জনাই।

উল্লেখযোগ্য যে ভাওনা সামৰণি সমাৰোহৰ আৰম্ভণিতে প্ৰায় এহেজাৰ গৰাকী মহিলাই একেলগে দিহানাম পৰিৱেশন কৰি উপস্থিত সহস্ৰাধিক দৰ্শকক ভক্তিৰসৰ সোৱাদ দিয়ে।  উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি কনক গগৈয়ে আঁত ধৰা বঁটা বিতৰণী অনুষ্ঠানটিত উপস্থিত থাকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপক ডঃ সত্যকাম বৰঠাকুৰ সহ কেইবাগৰাকী শিক্ষাবিদ, আছুৰ কেন্দ্ৰীয় উপদেষ্টা প্ৰকাশ চন্দ্ৰ দাস প্ৰমুখ্যে কেন্দ্ৰীয় বিষয়ববীয়াসকল। সামৰণি নিশাই “দক্ষযজ্ঞ” শিশু নাট ভাওনা প্ৰদৰ্শন কৰে ভাদৈৰ আলোক সমন্বয় নাট্যগোষ্ঠীয়ে। নাটখনি উদ্বোধন কৰে অসম উন্নতি সভাৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি গুণীন্দ্ৰ নাথ ফুকনে ।

কৃষ্ণা গগৈ

You might also like