শিক্ষা বিষয়াৰ কার্যালয়ত ধনৰ লেনদেনঃ অপৰাধীৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা লোৱাৰ সকীয়নি মুখ্যমন্ত্রীৰ
নিয়মীয়া বাৰ্তা, ১৯ জুলাই: মেট্রিকৰ নম্বৰ জালিয়াতিৰ বাবে বিদ্যালয় পৰিদর্শকসকলৰ কার্যালয়ত বা বিদ্যালয় পৰিদর্শকসকলে নিজে ধনৰ লেনদেন কৰাৰ তথ্য ৰাজ্য চৰকাৰৰ হাতত আছে৷ এই তথ্যৰ ভিত্তিতে কামৰূপত কালি ব্যৱস্থা গ্রহণ কৰা হৈছে৷ আন জিলাৰ বিদ্যালয় পৰিদর্শকসকলো চোকা নজৰত আছে৷ কোনোবা বিষয়া জালিয়াতিত লিপ্ত হ’লে কঠোৰতম ব্যৱস্থা গ্রহণ কৰা হ’ব৷ এই কঠোৰ সকীয়নি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷
শনিবাৰে নম্বৰ জালিয়াতিৰ ভয়ংকৰ ঘটনা পোহৰলৈ অহাৰ পাছত আজি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে কালি তেওঁ নিজেই ছেবাৰ অধ্যক্ষক ফোন কৰি বিদ্যালয়সমূহৰ পৰিদর্শকসকলৰ লগত শীঘ্রে ভিডি’ কনফাৰেঞ্চ অনুষ্ঠিত কৰিবলৈ নির্দেশ দিছে৷ কাৰণ চৰকাৰৰ হাতত নম্বৰ জালিয়াতি সম্পর্কীয় বহু তথ্য আছে৷ নম্বৰ প্রদানৰ কাম নিকা নহ’লে আৰক্ষীয়ে ব্যৱস্থা গ্রহণ কৰিবলৈ বাধ্য হ’ব৷
কামৰূপত গ্রহণ কৰা ব্যৱস্থাৰ জৰিয়তে আন জিলালৈও এটা বার্তা প্রেৰণ কৰিব বিচৰা হৈছে যে কোনোবাই বেয়া কাম কৰিলে চৰকাৰৰ হাতত সেই তথ্য আহিবই৷ মুখ্যমন্ত্রীয়ে লগতে স্পষ্ট কৰি দিয়ে যে ছাত্র–ছাত্রীসকলে নৱম, দশম শ্রেণীত লাভ কৰা নম্বৰৰ ভিত্তিতেই মেট্রিকৰ মূল্যায়ন হ’ব লাগিব৷ কোনোবাই জালিয়াতিৰ চেষ্টা কৰিলেই কঠোৰ শাস্তিৰ সন্মুখীন হ’ব৷