নিয়মীয়া বার্তা, ১৭ এপ্রিলঃ মহামাৰী ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ বাবে দেশব্যাপী সতর্কতা, সামাজিক দূৰত্ব অব্যাহত থকাৰ সময়তেই শিৱসাগৰ জিলাত একাংশ চিকিৎসকে আন বিভিন্ন ৰোগত আক্রান্ত ৰোগীক ৰহস্যজনকভাৱে চিকিৎসা কৰাৰ পৰা আঁতৰি থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ নিয়মিত পৰীক্ষা কৰোৱা তথা একেজন চিকিৎসকৰ চিকিৎসা বিধান অনুযায়ী ঔষধ সেৱন কৰি থকা ৰোগীক চিকিৎসা কৰাতো দূৰৈৰ কথা সংকটজনকভাৱে আকস্মিক আক্রান্ত হোৱা ৰোগীকো একাংশ ব্যক্তিগত চেম্বাৰৰ চিকিৎসকে চিকিৎসা প্রদান নকৰাৰ ঘটনাই সাধাৰণ ৰাইজৰ মাজত ব্যাপক প্রতিক্রিয়া সৃষ্টি কৰিছে ৷ ফলত লকডাউনৰ সময়ৰ পৰাই অতি ৰহস্যজনকভাৱে ম’বাইল ফোন নট–ৰিটছেব্ল কৰি আত্মগোপন কৰাৰ ফলত শিৱসাগৰত এতিয়া সাধাৰণ ৰোগীৰ মাজত হাহাকাৰ লাগিছে ৷ আ
ন নালাগে বর্তমানেও নার্ছিং হোমৰ সুকীয়া কক্ষ আৰু ব্যক্তিগত চেম্বাৰত উপস্থিত থকা মুষ্টিমেয় দুই–এজন চিকিৎসকে আকৌ এক মিটাৰৰ সামাজিক দূৰত্বৰ কথাতো বাদেই পাঁচ মিটাৰতকৈ অধিক দূৰত্বৰ পৰাই ৰোগীৰ সমস্যা শুনি বিধান পত্র দিয়াৰ ঘটনাই ৰাইজকো আচৰিত কৰি তুলিছে ৷ যি সময়ত বিশ্বই সন্মুখীন হোৱা এক ভয়াৱহ দুর্যোগৰ সময়ত দেৱদূতস্বৰূপ লক্ষ লক্ষ চিকিৎসকে নিজৰ জীৱনকো তুচ্ছ কৰি মহামাৰী ক’ৰোনাত আক্রান্ত ৰোগীক দিনে–নিশাই সেৱা আগবঢ়াই আহিছে সেই সময়তেই শিৱসাগৰ জিলাত এনে চেম্বাৰত বহা একাংশ চিকিৎসকে যুঁজত অৱতীর্ণ হোৱাতো দূৰৈৰ কথা চিনাকি ৰোগীজনকো চিকিৎসা প্রদানৰ পৰা বিৰত থাকি বিশ্বৰ চিকিৎসক সমাজে আৰম্ভ কৰা যুঁজখনৰ পৰা আৰম্ভণিতে পৃষ্ঠভংগ দিয়াৰ ঘটনাই সাধাৰণ ৰাইজকো চিন্তিত কৰি তুলিছে ৷ আন নালাগে ক’ৰোনা আক্রান্ত ৰোগীক চিকিৎসা প্রদানেৰে প্রাণ ৰক্ষা কৰিবলৈ গৈ নিজেই এনে মহামাৰীত সংক্রমিত হৈ দেশৰ বহুকেইজন চিকিৎসকে মৃত্যুক আঁকোৱালি লোৱাৰ সময়তে শিৱসাগৰৰ চেম্বাৰত বহা এইকেইজন বিশেষজ্ঞ নামধাৰী চিকিৎসকৰ দুর্যোগৰ সময়ত এই ৰহস্যজনক আত্মগোপনক সহজভাৱে ল’ব পৰা নাই সাধাৰণ ৰাইজে ৷
ইয়াৰ উপৰি শিৱসাগৰ জিলাখনত বর্তমান সময়ত শিশুৰ চিকিৎসা, চকুৰ চিকিৎসাৰ ক্ষেত্রত অভিভাৱকসকলৰ লগতে সাধাৰণ ৰাইজে ব্যাপক সমস্যাৰ সন্মুখীন হৈছে ৷ যিহেতু ক’ভিড–১৯ৰ বাবে চৰকাৰী চিকিৎসা খণ্ড সম্প্রতি ব্যাপক ৰূপত ব্যস্ত হৈ পৰাৰ বাবে সাধাৰণ ৰাইজ এতিয়া অধিক নির্ভৰশীল হৈ পৰিছে ব্যক্তিগত খণ্ডৰ চিকিৎসকসকলৰ ওপৰত ৷ উল্লেখ্য যে ভালৰ দিনত চাৰিশ টকাৰ ফীজৰ বিনিময়ত পাইকাৰী হাৰত নিজৰ চেম্বাৰত শতাধিক ৰোগী চোৱাৰ লগতে তেজ পৰীক্ষাৰ পৰা বিভিন্ন পৰীক্ষাৰ নামত হাজাৰ হাজাৰ টকা ব্যয় কৰোৱা ৰোগীসকলৰ বাবে নিয়মিত বিধান দিয়া চেম্বাৰৰ চিকিৎসককেইজন আছিল দেৱদূতস্বৰূপ ৷ বাকীৰ পৰিৱর্তে মূল্যৱান সম্পদ বিক্রী কৰি হ’লেও নগদ ধনৰ বিনিময়ত চিকিৎসা গ্রহণ কৰি অহা বহুমূত্র, হৃদ, ৰক্তচাপ ইত্যাদি ৰোগত আক্রান্ত ৰোগীসমূহৰ বাবে লকডাউনৰ আৰম্ভণিৰ পৰাই নামি আহিছিল এক অশনি সংকট ৷ কিয়নো এনেধৰণৰ ৰোগত আক্রান্ত ৰোগীসকলে নিয়মিত চিকিৎসকৰ চেকআপ কৰোৱা আৰু বিভিন্ন পৰীক্ষা কৰোৱাটো অত্যন্ত জৰুৰী ৷ কিন্তু লকডাউন আৰম্ভ হোৱাৰ লগে লগে এইসকল চিনাকি বিশেষজ্ঞ চিকিৎসকে অতি ৰহস্যজনকভাৱে পৃষ্ঠভংগ দিয়াৰ ফলত এক ভয়ংকৰ বিপদৰ সন্মুখীন হৈছে এইসকল নিয়মীয়া বিভিন্ন ৰোগত আক্রান্ত ৰোগী ৷
একাংশ চিকিৎসকে আকৌ হোৱাটছএপতেই ৰোগী নোচোৱাকৈ বিধান পত্র দিয়াৰ বিপৰীতে আন একাংশ ৰোগী আকৌ এতিয়া চিনাকি চিকিৎসকজনৰ চেম্বাৰত উপস্থিত হোৱাৰ পিছত এক আচহুৱা পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়াত পৰিছে ৷ কোনো পৰীক্ষা স্পর্শ নকৰাকৈ প্রায় পাঁচ ফুট দূৰৈৰ পৰাই সমস্যা শুনিয়েই বিধান পত্র লিখি দিয়া এইসকল বিশেষজ্ঞ চিকিৎসকে আকৌ ফীজৰ বাবদ চাৰিশ টকাটো অৱশ্যেই হাত পাতি ল’বলৈ এৰা নাই ৷ চহৰস্থিত ব্যক্তিগত চেম্বাৰত ক’ৰোনা আগমনৰ পূর্বে ৰমৰমীয়া বেহা গঢ়ি তোলা চিকিৎসককেইজনে লকডাউনৰ পিছৰ পৰাই সামাজিক দায়িত্ব হিচাপেও আন ৰোগত আক্রান্ত ৰোগীক সামান্য সকাহ দিয়াৰ চেষ্টা নকৰাক লৈ ৰোগীৰ আত্মীয় আৰু সচেতন ৰাইজৰ মাজত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
ইফালে সাধাৰণ মানুহতকৈ চিকিৎসা বিজ্ঞানৰ প্রতিটো দফা সূক্ষ্মভাৱে অধ্যয়ন কৰি অহা বহুকেইজন চৰকাৰী মাধ্যমৰ চিকিৎসকেও আকৌ উপায়ান্তৰ হৈ জৰুৰী সেৱা গ্রহণ কৰিবলৈ যোৱা ৰোগীক দূৰৈৰ পৰাই বিধান পত্র দিয়াৰ ঘটনায়ো জনসাধাৰণক উদ্বিগ্ন কৰি তুলিছে ৷ স্মর্তব্য যে মহামাৰী ক’ৰোনাৰ সংক্রমণ প্রতিৰোধৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ সৌজন্যত চৰকাৰী খণ্ডৰ চিকিৎসকসকলে যি সেৱাৰ মনোবৃত্তিৰে যুঁজ আৰম্ভ কৰিছে তাৰ বিপৰীতে ব্যক্তিগত খণ্ডৰ বিশেষজ্ঞ নামধাৰী চেম্বাৰৰ চিকিৎসককেইজনৰ আত্মগোপন, সামাজিক ক্ষেত্রখনৰ পৰা দূৰৈত অৱস্থান ইত্যাদি বিষয়বোৰে দেৱদূতস্বৰূপ পৱিত্র সংজ্ঞাটোৰ প্রতিয়েই বহু প্রশ্নৰ সৃষ্টি কৰিছে ৷ সচেতন মহলে ক’ৰোনাৰ সমান্তৰালে সাধাৰণ ৰোগীয়ে ভোগ কৰি অহা চিকিৎসাজনিত সমস্যা, একাংশ ব্যক্তিগত চেম্বাৰৰ চিকিৎসকৰ ৰহস্যজনক আত্মগোপন ইত্যাদি বিষয়বোৰৰ সন্দর্ভত ৰাইজে তাৎক্ষণিকভাৱে ৰাজ্যৰ স্বাস্থ্যমন্ত্রীগৰাকীৰ হস্তক্ষেপ কামনা কৰিছে ৷