নিয়মীয়া বাৰ্তা, ১৪ এপ্ৰিলঃ আহোম স্বৰ্গদেউৰ ইতিহাস বিজড়িত ঐতিহাসিক শিৱদৌলত চুৰিকাণ্ড । সোমবাৰে নিশা চুৰি লুটি লৈ যায় মন্দিৰৰ দানপাত্ৰ । শিৱদৌলৰ কাষতে থকা বিষ্ণুদৌলৰ দানপাত্ৰৰ পৰাও চুৰি লুটিলে সমুদায় ধন ।
উল্লেখ্য যে, শিৱদৌল , বিষ্ণুদৌল আৰু কাষতে থকা দেৱীদৌলত পূৰ্বতে নিৰাপত্তা ব্যৱস্থা আছিল যদিও লকডাউনৰ পাছৰ পৰাই মঠ-মন্দিৰ সমূহ বন্ধ কৰি দিয়াৰ লগে লগে নিৰাপত্তা ব্যৱস্থাও উঠাই দিয়া হৈছিল । লকডাউনৰ সময়ছোৱাত শিৱসাগৰ সম্পূৰ্ণৰূপে জনশূন্য হৈ আছিল যদিও সোমবাৰে সুৰা বিপনীসমূহ খুলি দিয়াৰ পাচতেই ব্যাপক ভিৰ দেখা গৈছিল প্ৰতিখন বিপনীত । তাৰ পাচতেই নিশা মন্দিৰ প্ৰাংগনত এনে দুষ্কাৰ্য সংঘটিত হোৱাৰ পাচতেই এতিয়া চিন্তিত হৈ পৰিছে মন্দিৰ পৰিচালনা সমিতি ।