নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শীঘ্রে বেদখলমুক্ত হ’ব ছমৰীয়া সত্রৰ

নিয়মীয়া বাৰ্তা ১৩ ফেব্ৰুৱাৰীঃ বেদখলমুক্ত হ’ব সত্রৰ ভূমি৷ ৩৫ বিঘা সত্রৰ ভূমিত চৰাঞ্চলৰ বাসিন্দাসকলে কেনেকৈ বেদখল কৰিলে তাৰ প্রতিবেদন প্রস্তুত কৰি অতি সোনকালে বেদখলমুক্ত কৰা হ’ব৷ লগতে ছমৰীয়া সত্রৰ সৌন্দর্যবর্ধন কৰি সত্রৰ গৰিমা অটুট ৰাখিবলৈ প্রচেষ্টা চলোৱা হ’ব৷ বুধাবাৰে ঐতিহ্যমণ্ডিত ছমৰীয়া সত্রত উপস্থিত হৈ নৱনিযুক্ত ৰাজহমন্ত্রী যোগেন মহনে এইদৰে উল্লেখ কৰে৷ কামৰূৰ জিলাৰ বকো সমষ্টিৰ ঐতিহাসিক ছমৰীয়া সত্রত উপস্থিত হৈ নৱনিযুক্ত ৰাজহমন্ত্রী মহনে প্রথমে সত্রত সেৱা জনায়৷ মন্ত্রীগৰাকীয়ে নৱবৈষ্ণৱ ধর্মৰ উল্লেখযোগ্য ছমৰীয়া সত্র তথা শ্রীশ্রী বৰবিষ্ণু আতাৰ থান পৰিদর্শন কৰি ঐতিহাসিক সমলৰ বুজ লয়৷ ইয়াৰ উপৰি ঐতিহ্যমণ্ডিত ছমৰীয়া সত্রখনৰ সৌন্দর্যবর্ধনৰ দিশত আৰু সত্রৰ সমস্যা সমাধান কৰাৰ দিশত ৰাজ্য চৰকাৰে গুৰুত্ব প্রদান কৰিব বুলি তেওঁ জানিবলৈ দিয়ে৷ মন্ত্রীগৰাকীয়ে সত্রৰ ভূমি বেদখল কৰা স্থান পৰিদর্শন কৰি শীঘ্রে ব্যৱস্থা লোৱাৰ কথা দোহাৰে৷

You might also like