নিয়মীয়া বার্তা, ২৫ ডিচেম্বৰঃ এইবাৰ চুবুৰীয়া ৰাষ্ট্র ভূটানৰ জনসাধাৰণৰ সন্মুখত অসমৰ ঐতিহ্যৰ চানেকি কঢ়িয়াব অসম গৌৰৱ এশিঙীয়া গঁড়ে ৷ কেৱল গঁড়েই নহয়, অসমীয়া গামোচা, জাপিৰ লগতে বডো জনগোষ্ঠীৰ আৰণাইৰ লগতে বিভিন্ন প্রতীক প্রতিফলিত কৰা হৈছে ভূটানবাসীৰ সন্মুখত ৷ এই প্রতিচ্ছবিসমূহ দেখা যাব অসমৰ ওদালগুৰি জিলাৰ ভাৰত–ভূটান সীমান্তত ভাৰতে নতুনকৈ নির্মাণ কৰি থকা এখন সুউচ্চ তোৰণত ৷ চলিত একবিংশ শতিকাৰ প্রথম দশকত অসমৰ ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ড আৰু ভূটানৰ চামদ্রুপ জংখাৰ জিলাৰ জোমোৎচাংখা চহৰৰ মাজৰ সংযোগী পথত ভূটান ৰাষ্ট্রৰ ভূমিত ভূটানে স্থাপন কৰিছিল ভাৰত–ভূটান সীমান্তৱর্তী এখন তোৰণ ৷ উচ্চ এই তোৰণখনৰ জৰিয়তে ভূটানে ভাৰতবাসীৰ লগতে অন্য পর্যটকক আকর্ষণ কৰিছিল ৷ ইয়াৰ বিপৰীতে অসমৰ ওদালগুৰি জিলাৰ উক্ত অঞ্চলেৰে ভূটানত প্রৱেশ কৰা পথত ভাৰতৰ ভূমিত নাছিল কোনো তেনেধৰণৰ তোৰণ ৷
কিন্তু শীঘ্রেই ভাৰত–ভূটান সীমান্তৰ উক্ত অঞ্চলত ভাৰতৰ ভূমিত সীমান্ত উন্নয়ন পুঁজিৰে নির্মীয়মাণ অৱস্থাত থকা তোৰণ এখনৰ নির্মাণকার্য সম্পূর্ণ হ’ব ৷ কেৱল তোৰণখনক লৈ গৌৰৱ কৰাই নহয়, উক্ত তোৰণখনে অসমৰ জাতীয় জীৱনৰ লগত জড়িত বিভিন্ন সামগ্রী তথা জন্তুৰ চিহ্নক বিদেশী ৰাষ্ট্র ভূটানৰ সন্মুখত চিনাকি কৰাই দিব ৷ কিয়নো এই তোৰণত অংকিত আছে অসম গৌৰৱ এশিঙীয়া গঁড়ৰ লগতে অসমীয়া গামোচাৰ চানেকি জাপি তথা বডো জনগোষ্ঠীৰ আৰণাইৰ লগতে আন বিভিন্ন প্রতীক ৷ সমাগত নৱবর্ষ তথা বনভোজ উপলক্ষে লক্ষ লক্ষ বনভোজপ্রেমীয়ে ভিৰ কৰে অসমৰ ভিতৰতে অন্যতম বনভোজস্থলী ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ডত ৷
অসম, অৰুণাচল প্রদেশ আৰু ভূটানৰ ত্রিবেণীসংগমত অৱস্থিত ভৈৰৱকুণ্ড বনভোজস্থলীত ডিচেম্বৰ মাহৰ দ্বিতীয় সপ্তাহৰ পৰাই ভিৰ কৰিব বনভোজপ্রেমীয়ে ৷ এই বনভোজকাৰী দলসমূহে ভৈৰৱকুণ্ড বনভোজস্থলীত উপস্থিত হৈ প্রকৃতিৰ অপৰূপ সৌন্দর্য উপভোগৰ লগতে অনায়াসে চুবুৰীয়া ৰাষ্ট্র ভূটানত প্রৱেশ কৰি তাৰ জনসাধাৰণৰ জীৱন প্রণালী উপভোগ কৰিবলৈ সক্ষম হয় ৷ এনেদৰে ভৈৰৱকুণ্ড বনভোজস্থলীৰ পৰা ভূটান ৰাষ্ট্রত প্রৱেশৰ বাবে যোৱা পথতে ভাৰতৰ মাটিত নির্মাণ কৰি থকা হৈছে এই আটকধুনীয়া তোৰণখন ৷ আগন্তুক বনভোজৰ বতৰৰ পূর্বে উক্ত তোৰণখনৰ নির্মাণকার্য সম্পূর্ণ হৈ উঠিব বুলি জানিব পৰা গৈছে ৷
নির্মীয়মাণ অৱস্থাতে বর্তমান বহু লোকে আহি তোৰণখন চাবলৈ ভিৰ কৰা পৰিলক্ষিত হৈছে ৷ তোৰণখনক লৈ এতিয়া অসমৰ বিভিন্ন প্রান্তৰ পৰা অহা লোকে নিজকে অসমবাসী হিচাপে গৌৰৱবোধ কৰিছে ৷ তোৰণখন প্রত্যক্ষ কৰি একাংশ বনভোজকাৰী দলে সাংবাদিকৰ আগত উল্লেখ কৰি কয় যে পূর্বেও বহুবাৰ ভৈৰৱকুণ্ড বনভোজস্থলীলৈ আহি ভূটানলৈ গৈছিলোঁ যদিও ভাৰতৰ ভূমিত কোনো ধৰণৰ তোৰণ প্রত্যক্ষ কৰা নাছিলোঁ ৷ কিন্তু এইবাৰ নির্মীয়মাণ তোৰণখনক লৈ প্রতিগৰাকী অসমবাসীয়ে গৌৰৱ কৰা উচিত ৷ কিয়নো অসমৰ এশিঙীয়া গঁড়কে ধৰি জাপি, গামোচাই ভূটানবাসীৰ সন্মুখত দেশখনক প্রতিনিধিত্ব কৰিছে ৷ ভাৰতৰ জনসাধাৰণৰ লগতে অসমবাসীয়ে অতিথিক আদৰিবলৈ কোনো ধৰণৰ কৃপণালি নকৰে৷ প্রকৃতিৰ অপূর্ব ৰাণী ভৈৰৱকুণ্ড বনভোজস্থলীক ৰাজ্য চৰকাৰৰ পর্যটন বিভাগে যেনেদৰে গুৰুত্ব দিব লাগিছিল তেনেধৰণে গুৰুত্ব প্রদান কৰা নাই ৷ এইক্ষেত্রত ৰাজ্য চৰকাৰখনে যথোপযুক্ত পদক্ষেপ গ্রহণ কৰি বনভোজস্থলীক ন ৰূপ দিবলৈ উপস্থিত বনভোজপ্রেমীসকলে আহ্বান জনায় ৷