নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুকুৰবাৰৰ পৰা সাধাৰণ ৰোগীৰ বাবে মুকলি হ’ব চিকিৎসা মহাবিদ্যালয়-চৰকাৰী হাস্পতাল

নিয়মীয়া বাৰ্তা, ২৩ এপ্ৰিলঃ শুকুৰবাৰৰ পৰা ৰাজ্যৰ সকলো চৰকাৰী হাস্পতালৰ লগতে চিকিৎসা মহাবিদ্যালয়সমূহ সাধাৰণ ৰোগীৰ বাবে মুকলি কৰি দিয়া হ’ব । বৃহস্পতিবাৰে মহানগৰীৰ স্পেনিছ গাৰ্ডেনত ক’ৰোনা ভাইৰাছৰ ৰেপিড টেষ্টিঙত উপস্থিত থাকি এই কথা উল্লেখ কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

শুকুৰবাৰৰ পৰা ৰাজ্যৰ সকলো চৰকাৰী চিকিৎসালয় আৰু চিকিৎসা মহাবিদ্যালয় হাস্পতাল সাধাৰণ ৰোগীৰ বাবে মুকলি কৰি দিয়া হ’ব যদিও প্ৰতিজন সাধাৰণ ৰোগীকেই ক’ৰোনাৰ ৰেপিড টেষ্টিং কৰা হ’ব । এজন চিকিৎসকে চিকিৎসা কৰাৰ পূৰ্বে ৰোগীজনৰ শৰীৰত ক’ৰোনাৰ লক্ষণ দেখা পালে পোনে পোনে ৰেপিড টেষ্ট কৰিব বুলিও জানিবলৈ দিয়ে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

উল্লেখ্য যে, ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ সকলো চিকিৎসা মহাবিদ্যালয় হাস্পতাল ক’ৰোনা ৰোগী বাবে সংৰক্ষণৰ ব্যৱস্থা কৰিছিল ৰাজ্যৰ স্বাস্থ্য বিভাগে ।

You might also like