নিয়মীয়া বাৰ্তা ৩১ জানুৱাৰীঃ বস্ত্ৰ নগৰী শুৱালকুছিত আৰম্ভ হল সাহিত্যৰ মহা উৎসৱ। বৃহস্পতিবাৰে সভাৰ পঞ্চসপ্ততিতম অধিৱেশনৰ গ্ৰন্থ উৎসৱৰ মূল দ্বাৰ উদঘাটন কৰা হয়। অধিৱেশনৰ মূল কার্যসূচীৰ এদিন পূর্বে বৃহস্পতিবাৰে দুপৰীয়া সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে মামণি ৰয়ছম গোস্বামী সোঁৱৰণী গ্রন্থ উৎসৱৰ মূল দ্বাৰ উদ্ঘাটন কৰি কয় যে গ্রন্থ অবিহনে কোনো জাতি জীয়াই থাকিব নোৱাৰে৷ উল্লেখ্য যে বৃহস্পতিবাৰৰ এই কার্যসূচীত উপস্থিত থাকি ডাউন টাউন বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ অমৰজ্যোতি চৌধুৰীয়ে গ্রন্থ উৎসৱৰ মূল দ্বাৰ উদ্ঘাটন কৰাৰ কথা আছিল যদিও অনিবার্য কাৰণত তেওঁ উপস্থিত থাকিব নোৱাৰিলে৷ গ্রন্থ উৎসৱত বহুসংখ্যক সাহিত্যপ্রেমীৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে৷ ইতিমধ্যে ৫৫খন গ্রন্থ বিপণীয়ে গ্রন্থমেলাত ষ্ট’ল মুকলি কৰিছে৷ ইয়াৰে এখন কলকাতা উডপেকাৰ নামৰ গ্রন্থ বিপণীও আছে৷ গ্রন্থ উৎসৱৰ সুশীল শর্মা মঞ্চত সন্ধিয়াৰ পৰা অনুষ্ঠিত হৈছে বিদ্যালয়সমূহৰ শিক্ষার্থীৰ সাংস্কৃতিক অনুষ্ঠান৷ দ্বাৰ উদ্ঘাটন কৰি ড০ ৰাজবংশীয়ে গ্রন্থই অসম সাহিত্য সভাৰ প্রাণ বুলি উল্লেখ কৰি কয় যে দেশ–জাতিৰ সাহিত্য–সংস্কৃতিত গ্রন্থৰ মহত্ত্বম অৱদান আছে৷ অসম সাহিত্য সভাই ধুবুৰী অধিৱেশনত প্রথম গ্রন্থ উৎসৱ অনুষ্ঠিত কৰাৰ কথা উল্লেখ কৰি সভাপতি ৰাজবংশীয়ে মন্দিৰ–মছজিদসমূ গ্রন্থই সজীৱ কৰি ৰাখিছে বুলি মন্তব্য কৰে৷ অসমৰ সাহিত্য জগতখনক দেশ–বিদেশত মামণি ৰয়ছম গোস্বামীয়ে জিলিকাই থৈ যোৱাৰ দৰে ড০ ভূপেন হাজৰিকায়ো অসমৰ সাংস্কৃতিক জগতখনক বিশ্বত প্রতিষ্ঠা কৰি যোৱা বুলি দোহাৰে৷ সাহিত্য সভাক ৰাজনীতিৰ পৰা আঁতৰাই ৰখাৰ পৰম্পৰা ৰক্ষাৰ বাবে আদৰণী সমিতিৰ ভূমিকাৰ শলাগ লৈ ড০ ৰাজবংশীয়ে সমিতিৰ সভাপতি ড০ হিমন্ত বিশ্ব শর্মাক ধন্যবাদ জনায়৷ আদৰণী সমিতিৰ সভাপতি হোৱা সত্ত্বেও সাহিত্য সভাত ৰাজনীতিৰ আঁচোৰ পৰিব বুলি তেওঁক কোনো কার্যসূচীত অন্তর্ভুক্ত নকৰিবলৈ স্থানীয় বিধায়ক তথা মন্ত্রীগৰাকীয়ে মূল সমিতিক অৱগত কৰাৰ কথা ড০ ৰাজবংশীয়ে ব্যক্ত কৰে৷ দিনৰ ১২.৩০ বজাত কবি সুশীল শর্মা সোঁৱৰণী সাহিত্য মঞ্চ উদ্বোধন কৰি ড০ সত্যেন্দ্র গোস্বামীয়ে সাহিত্য চর্চা মানুহৰ বাবে অত্যন্ত আৱশ্যক বুলি উল্লেখ কৰি সাহিত্যৰ দিশত বিশেষ অৰিহণা থকা প্রতিগৰাকী নীৰৱ সাহিত্যিকৰ চর্চা হোৱাটো দৰকাৰ বুলি কয়৷ এনে নীৰৱ সাধকসকলৰ বিষয়ে ছাত্র–ছাত্রীসকলে গৱেষণা কৰা উচিত বুলি তেওঁ দোহাৰে৷ অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত স্মৃতিগ্রন্থ ‘গ্রন্থজ্যোতি’ উন্মোচন কৰে বিশিষ্ট গৱেষক পণ্ডিত ড০ থানেশ্বৰ শর্মাই৷ কাব্য বা আলোচনী আদিয়ে মানুহৰ যশ–মান বৃদ্ধি কৰে বুলি তেওঁ উল্লেখ কৰে৷ তেওঁ কয়– কাব্য শব্দটো বিলুপ্তিৰ পথত৷ কিন্তু সাহিত্য শব্দটো বিশেষভাৱে প্রচাৰিত৷ যাৰ বাবে সাহিত্যৰ সুভাষ চৌদিশতে বিয়পি পৰিছে৷ শুৱালকুছি কলাগুৰু দলৰ শিল্পীসকলে সমৱেত আৰম্ভণি গীত ‘মা আমি শদিয়ালৈ যামে’ সুন্দৰকৈ পৰিৱেশন কৰে৷ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ড০ সঞ্জীৱ শর্মাই৷ আদৰণী ভাষণ প্রদান কৰে আদৰণী সমিতিৰ কার্যকৰী সভাপতি কমল কুমাৰ বৈশ্যই৷ শলাগৰ শৰাই আগবঢ়ায় গ্রন্থ উৎসৱ উপ–সমিতিৰ কার্যকৰী সভাপতি প্রকাশ দাসে৷
৩ ফেব্রুৱাৰীত কামৰূপ জিলাত স্থানীয় বন্ধঃ অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশন উপলক্ষে কামৰূপ জিলা প্রশাসনে সমগ্র কামৰূপ জিলাত স্থানীয় বন্ধৰ দিন ঘোষণা কৰিছে৷ কামৰূপ জিলাৰ উপায়ুক্ত কমল কুমাৰ বৈশ্যই আজি শুৱালকুছিৰ অধিৱেশনস্থলীত এই কথা প্রকাশ কৰি কয় যে সেই দিনা জিলাখনৰ অসম চৰকাৰৰ সকলো কার্যালয় আৰু শিক্ষানুষ্ঠানসমূহ বন্ধ থাকিব৷
ড্রাই ডে’ ঘোষণাঃ অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশন উপলক্ষে কামৰূপ জিলা প্রশাসনে হাজো ৰাজহ চক্রৰ অন্তর্গত এলেকাত ড্রাই ডে’ ঘোষণা কৰিছে৷
আজিৰ কার্যসূচীঃ পুৱা ১০ বজাত মে–ডাম–মে–ফী অনুষ্ঠান৷ মুখ্য অতিথি পূর্বাঞ্চল তাই আহোম সাহিত্য সভাৰ সভাপতি দয়ানন্দ বুঢ়াগোহাঁই৷ ১১ বজাত উদ্ঘাটন পর্বত বিভিন্ন স্থানত থকা প্রতিখন তোৰণ উদ্বোধন কৰা হ’ব৷ দিনৰ ১ বজাত ড০ ভূপেন হাজৰিকা মঞ্চত কবি সন্মিলন উন্মোচন কৰিব বিশিষ্ট লেখিকা লিলি ৰাজবংশীয়ে৷ সঞ্চালক ড০ মালবিকা শর্মা৷ ২.৩০ বজাত অতুল চন্দ্র সোঁৱৰণী মঞ্চত স্মৃতিগ্রন্থ আৰু অন্যান্য গ্রন্থ উন্মোচনী অনুষ্ঠান৷ ড০ পৰমানন্দ ৰাজবংশীয়ে পৌৰোহিত্য কৰিবলগীয়া উন্মোচনী সভাত অধিৱেশনৰ স্মৃতিগ্রন্থ উন্মোচন কৰিব সাহিত্যাচার্য ড০ পৰাগ কুমাৰ শর্মাই৷ অন্যান্য গ্রন্থসমূহ উন্মোচন কৰিব ক্রমে ড০ দীপক কুমাৰ শর্মা, ড০ হিতেশ ডেকা, চন্দ্র কুমাৰ শর্মা, ৰোহিণী কুমাৰ শর্মা, পৱন কুমাৰ বৰঠাকুৰ৷ সাহিত্য বার্তা উন্মোচন কৰিব ড০ বাণীকান্ত শর্মাই৷ সন্ধিয়া অতুল চন্দ্র বৰুৱা মঞ্চত সাংস্কৃতিক অনুষ্ঠান৷ সাংস্কৃতিক বিভাগৰ আয়ুক্ত প্রীতম শইকীয়াই উদ্বোধন কৰিবলগীয়া উক্ত অনুষ্ঠানৰ বন্তি প্রজ্বলন কৰিব ৰাজীৱলোচন সন্ত, ইদ্রিছ আলীয়ে৷