নিয়মীয়া বার্তা, ৫ ফেব্ৰুৱাৰীঃ ১৯৫৫ চনতে কটন মহাবিদ্যালয়ৰ পৰা ছাত্র ৰাজনীতিৰে অসমৰ মূল্যবোধৰ ৰাজনীতিৰ বাটকটীয়া হিচাপে চিৰদিনৰ বাবে এক সুকীয়া পৰিচয় ৰাখি থৈ যোৱা, অসম চৰকাৰৰ প্রাক্তন কেবিনেট মন্ত্রী, অসম বিধানসভাৰ প্রাক্তন অধ্যক্ষ তথা ১০৮নং শিৱসাগৰ বিধানসভা সমষ্টিৰ বর্তমানৰ বিধায়ক প্রণৱ কুমাৰ গগৈৰ ৮৪ বছৰ বয়সত গুৱাহাটীৰ হেল্থ চিটী চিকিৎসালয়ত সোমবাৰে নিশা ১০.৪০ বজাত মৃত্যু হোৱাৰ বতৰাই ৰাজ্যৰ লগতে শিৱসাগৰতো পেলাইছে শোকৰ ছাঁ ৷ বৰ্ষীয়ান ৰাজনীতিবিদগৰাকীৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে শিৱসাগৰৰ ৰাজনৈতিক আৰু বৌদ্ধিক মহল ৷ তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগেই নিশাৰ পৰাই শিৱসাগৰ নগৰৰ ৰেডক্রছ ৰোডৰ বাসভৱনলৈ অগণন গুণমুগ্ধৰ সমাগম ঘটে ৷
মঙলবাৰে নিশা তেওঁৰ নশ্বৰ দেহ শিৱসাগৰৰ বাসভৱনলৈ অনাৰ পিছত পৰিয়ালৰ লগতে গুণমুগ্ধসকল শোকত ম্রিয়মাণ হৈ পৰে ৷
আজি ৰাজ্যিক মর্যাদাৰে তেওঁৰ শেষকৃত্য হাঁহচৰাৰ যাঠিপতীয়া গাঁৱত সম্পন্ন কৰা হ’ব ৷ ইয়াৰ পূর্বে পুৱা বিধায়কগৰাকীৰ বাসভৱনত গুণমুগ্ধসকলে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছত তেওঁৰ নশ্বৰ দেহ শিৱসাগৰৰ ৰাজীৱ ভৱনলৈ নিয়া হ’ব ৷ তাৰ পৰা পোনে পোনে তেওঁৰ নশ্বৰ দেহ শোভাযাত্রা কৰি নিজা গাঁও হাঁহচৰালৈ নিয়া হ’ব ৷ উল্লেখ্য যে ১৯৩৬ চনৰ ১৯ আগষ্টত ডিব্রুগডত জন্মগ্রহণ কৰা প্রণৱ গগৈৰ পিতৃ তথা ৰাজ্য চৰকাৰৰ প্রাক্তন গডকাপ্টানী মন্ত্রী প্রয়াত গিৰীন্দ্র নাথ গগৈ আৰু মাতৃ আছিল হিৰণ্যপ্রভা গগৈ ৷ সুদক্ষ ৰাজনীতিবিদ প্রণৱ কুমাৰ গগৈয়ে তেওঁৰ কার্যকালত ঐতিহাসিক শিৱসাগৰক পর্যটনৰ প্রাণকেন্দ্রৰূপে গঢ়ি তোলাৰ প্রচেষ্টা চলোৱাৰ উপৰি ৰাজীৱ গান্ধী ইনষ্টিটিডট অৱ পেট্ৰ’লিয়াম টেকনল’জী, ৰাজীৱ গান্ধী সমবায় বিশ্ববিদ্যালয়, হস্ততাঁত–বস্ত্র উদ্যোগ, ড০ ময়িদুল ইছলাম বডা সোঁৱৰণী প্রেক্ষাগৃহ নির্মাণৰ লগতে জিলাখনলৈ বহু অৱদান আগবঢ়াই গৈছে ৷