নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্বহিদী দিৱসত ধুবুৰীত সমৱেত হ’ব ৩০ সহস্ৰাধিক ভক্ত

নিয়মীয়া বাৰ্তা,১৯ নৱেম্বৰঃ অহা ২৯ নৱেম্বৰৰ পৰা ধুবুৰীৰ ঐতিহ্যমণ্ডিত গুৰুদ্বাৰত শিখসকলৰ নৱম গুৰু টেগ বাহুাদুৰৰ স্মৃতিত অনুষ্ঠিত হ’বলগীয়া ৩৪৪ সংখ্যক শ্বহিদী দিৱসৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰে ধুবুৰী জিলা উপায়ুক্ত কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এখন বিশেষ সভা । জিলাখনৰ অতিৰিক্ত উপায়ুক্ত অনিমেশ তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সেই সভাখনত টেগ বাহাদুৰৰ ৩৪৪ সংখ্যক মৃত্যু দিৱসটো শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ যাৱতীয় প্ৰশাসনিক দিশ সন্দৰ্ভত আলোচনা কৰা হয় । সভাখনত উপস্থিত থকা শিখ প্ৰতিনিধি বৰ্ডৰ সম্পাদকগৰাকীয়ে এইবেলি ধুবুৰীৰ শ্ৰী টেগ বাহাদুৰ চাহেবজী গুৰুদ্বাৰত অনুষ্ঠিত হ’বলগীয়া শ্বহিদী দিৱসৰ কাৰ্যসূচীত অংশ ল’বলৈ দেশৰ বিভিন্ন অঞ্চলকে ধৰি উত্তৰ-পূৰ্বাঞ্চলসহ প্ৰায় ৩০ হাজাৰ ভক্তৰ সমাগম ঘটিব বুলি সদৰী কৰে । সভাখনত উপস্থিত ভক্তসকলৰ কটকটীয়া নিৰাপত্তাৰ বাবে ধুবুৰী আৰক্ষীয়ে ল’বলগীয়া বিশেষ ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা হয় । আনহাতে, শ্বহিদী দিৱস উদযাপনৰ সময়ত স্বচ্ছতাৰ দিশটো চোৱাচিতা কৰাৰ দায়িত্বত থাকিবলগীয়া ধুবুৰী পৌৰসভা আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মপন্থা সন্দৰ্ভতো পৰ্যালোচনা কৰা হয় । পূৰ্বৰ দৰে এইবাৰো জিলা প্ৰশাসনৰ তৰফৰ পৰা এটি বিশেষ নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰাৰ লগতে শ্বহিদী দিৱসত উপস্থিত হোৱা ভক্তসকলৰ স্বাস্থ্য সেৱাৰ দিশটো চোৱাচিতাৰ বাবে এটি চিকিৎসকৰ দলৰো ব্যৱস্থা কৰা হ’ব বুলিও প্ৰকাশ । এই সভাখনত ধুবুৰী জিলাৰ অতিৰিক্ত উপায়ুক্ত এ কে ব্ৰহ্ম, জনস্বাস্থ্য-কাৰিকৰী বিভাগৰ সহকাৰী কাৰ্যবাহী বিষয়াকে ধৰি আৰক্ষী বিভাগৰ লগতে স্থানীয় একাংশ সমাজসেৱীও উপস্থিত আছিল । জানিব পৰা মতে, এইবাৰৰ শ্বহিদী দিৱসত মুখ্য অতিথি ৰূপে বিত্ত, স্বাস্থ্য আৰু গড়কাপ্টানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থকাৰ সম্ভাৱনা আছে ।

You might also like