শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত অনুষ্ঠান বাতিল–চিৰিয়াখানা বন্ধ ঘোষণা
নিয়মীয়া বাৰ্তা, ১৬ মাৰ্চঃ ন’ভেল ক’ৰোনা ভাইৰাছ সংক্রমণ প্রতিৰোধকল্পে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ প্রেক্ষাগৃহ তথা প্রাংগণত অনুষ্ঠিত হ’বলগীয়া সকলো অনুষ্ঠানসূচী বাতিল কৰা হৈছে৷ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র সমাজৰ সচিবে জানিবলৈ দিয়া অনুসৰি অহা ১৬ মার্চৰ পৰা এই নির্দেশনা বলৱৎ হ’ব৷
উল্লেখ্য যে কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ে যোৱা ৫ মার্চত এক জাননীযোগে ন’ভেল ক’ৰোনা ভাইৰাছ বিয়পাৰ প্রতিৰক্ষার্থে জনসমাগম এৰাই চলিবলৈ আহ্বান জনাইছিল৷ তাৰ পৰিপ্রেক্ষিততে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র সমাজে উক্ত সিদ্ধান্ত গ্রহণ কৰিছে৷ পৰৱর্তী নির্দেশ জাৰি নকৰাপর্যন্ত এই সিদ্ধান্ত বাহাল থাকিব৷ ইফালে, ২৯ মার্চ পর্যন্ত অসম ৰাজ্যিক চিৰিয়াখানাও বন্ধ ঘোষণা কৰা হৈছে৷