নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্রীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ বাবে ৭ ফেব্রুৱাৰীত স্থানীয় বন্ধ ঘোষণা গোলাঘাট জিলা উপায়ুক্তৰ

নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰীঃ  আজিৰে পৰা চাৰিদিনীয়াকৈ আৰম্ভ হ’ব বোকাখাতৰ দিহিঙীয়া মহুৰা পথাৰৰ বিশ্ব ঐতিহ্য কাজিৰঙা সমন্বয় ক্ষেত্রত শ্রীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বার্ষিক অধিৱেশন ।

শ্রীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ তৃতীয় দিনা অর্থাৎ ৭ ফেব্রুৱাৰীৰ দিনটো স্থানীয় বন্ধ ঘোষণা কৰিছে গোলাঘাট জিলা উপায়ুক্তই৷

এক নির্দেশযোগে জিলা উপায়ুক্ত বিভাষ চন্দ্র মোদীয়ে এই ঘোষণা কৰি সমূহ ভকত–বৈষ্ণৱ ৰাইজলৈ শুভকামনা জ্ঞাপন কৰে৷

উল্লেখ্য যে ৭ ফেব্রুৱাৰীত শ্রীমন্ত শংকৰদেৱ সংঘৰ মূল পতাকা উত্তোলন, বর্ণাঢ়্য সাংস্কৃতিক শোভাযাত্রা আদিকে ধৰি বিভিন্ন কার্যসূচী আছে ৷ ইপিনে উত্তৰ–পূব ভাৰতৰ সর্ববৃহৎ ধর্মীয় অনুষ্ঠান শ্রীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক অধিৱেশনলৈ আজি পুৱাৰ পৰাই শ শ ভকত–বৈষ্ণৱৰ লানি নিছিগা সোঁত ব’বলৈ ধৰিছে ৷

You might also like