নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংস্কৃত ভাষাত ‘অ’ মোৰ আপোনাৰ দেশ’ গাব ৰঞ্জন বেজবৰুৱাই

গণৰাজ্য দিৱসত দূৰদর্শনৰ জৰিয়তে সম্প্রচাৰ অসম সন্তানৰ জাতীয় সংগীত

নিয়মীয়া বাৰ্তা, ২৫ জানুৱাৰীঃ আজি গণৰাজ্য দিৱসৰ পূর্ব সন্ধিয়া আৰু কাইলৈ দুপৰীয়া ৰাষ্ট্রীয় চেনেল ডিডি নিউজযোগে নগঞা শিল্পী ৰঞ্জন বেজবৰুৱাৰ কণ্ঠত সম্প্রচাৰিত হ’ব সংস্কৃত ভাষাত অসমৰ জাতীয় সংগীত ‘অ’ মোৰ আপোনাৰ দেশ’৷ অসম তথা সমগ্র উত্তৰ–পূব ভাৰতৰে প্রাণৰ সুৰ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ অমৰ সৃষ্টি ‘অ’ মোৰ আপোনাৰ দেশ’ক জাতীয় জীৱনৰ মহা–প্রকাশ আৰু সাংস্কৃতিক বিনিময়ৰ উৎকৃষ্ট মাধ্যমৰূপে গণ্য কৰি শিল্পী বেজবৰুৱাই ইতিমধ্যে ‘অহো আত্মনঃ দেশঃ শোভনঃ’ শীর্ষক সংস্কৃত অনুবাদটোক শিল্পী অভিষেক ধৰৰ সংগীত ব্যৱস্থাপনাৰে বাণীবদ্ধ কৰি দিল্লী দূৰদর্শনলৈ প্রেৰণ কৰিছে বুলি জনাইছে ৷

অসম সাহিত্য সভা অনুমোদিত গীতৰ শুদ্ধ পাঠ আৰু স্বৰলিপি অনুসৰণ কৰি পৰিৱেশিত গীতটোৰ সংগীতৰ দিশৰ তত্ত্বাৱধায়কৰূপে আছে বিশিষ্ট সংগীত আলোচক, অনুবাদক কৃষ্ণ দুলাল বৰুৱা ৷ বাণী বন্ধন কৰিছে বেদাশিস শর্মাই ৷ অসমৰ জাতীয় সংগীতটোৰ মর্ম আৰু আবেদন বুজাব পৰাকৈ দৃশ্য ৰূপ দি ডিডি নিউজে আজি সন্ধিয়া ৭ বজাত আৰু কাইলৈ গণৰাজ্য দিৱসৰ দুপৰীয়া ১২ বজাত পোনতে ইয়াৰ সম্প্রচাৰ কৰিব ৷ উল্লেখ্য যে আকাশবাণী ৰাঁচী কেন্দ্রয়ো অন্যান্য দেশপ্রেমৰ গীতৰ লগতে সংস্কৃত ভাষ্যসহ এই সংস্কৃত ‘অ’ মোৰ আপোনাৰ দেশ’ সম্প্রচাৰ কৰাৰ সম্ভাৱনা আছে ৷

উল্লেখ্য যে বেজবৰুৱাৰ শেহতীয়া সংস্কৃত শ্রব্য চিডি ‘আনন্দিনী’ত অন্তর্ভুক্ত এই গীতটি ইতিমধ্যে বিভিন্ন সামাজিক মাধ্যমত বিপুলভাৱে সমাদৃত হৈছে ৷ বিশেষকৈ ২০০৯ চনত গুৱাহাটীত অনুষ্ঠিত লুইত– জিষ্ট কমিউনিকেচনৰ ‘অ’ মোৰ আপোনাৰ দেশঃ কৃতজ্ঞতাৰ দিন’, ২০১৩ চনত নগাঁৱত নৱৰূপ জাতীয় বিদ্যালয় আৰু পৰিধি আয়োজিত ‘অ’ মোৰ আপোনাৰ দেশঃ সমন্বয় যাত্রা’ আৰু শিৱসাগৰৰ পাৰিজাত সংগীত বিদ্যালয়ত আয়োজিত সাংস্কৃতিক অনুষ্ঠানত এই ৰূপান্তৰটিয়ে ৰাইজক বিশেষভাৱে আকর্ষিত কৰিছিল ৷ দীর্ঘদিন ধৰি অসমীয়া তথা ভাৰতীয় সংগীতক সংস্কৃত ভাষাৰ মাধ্যমেৰে নতুন ৰূপেৰে জনপ্রিয় কৰাৰ সাধনাত ব্রতী শিল্পী ৰঞ্জন বেজবৰুৱাৰ সংস্কৃত ভাষান্তৰে অসমীয়া জাতীয় চেতনাৰ প্রাণপুৰুষ আৰু ভাৰতীয় চৈতন্যৰো সমন্বয় সাধক সাহিত্যৰথী বেজবৰুৱাৰ মহান সৃষ্টিক গণৰাজ্য দিৱসত সর্বভাৰতীয় শ্রোতাৰ সমুখত বলিষ্ঠ ৰূপত তুলি ধৰিব বুলি সকলোৱে আশা প্রকাশ কৰিছে ৷

You might also like