নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সচিবালয়ত স্থাপন হ’ব ভাস্কৰ বৰ্মা-চুকাফা-নৰনাৰায়ণৰ প্ৰতিমূৰ্তিঃ ড০ শৰ্মা

কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত ৰাজ্য চৰকাৰৰ অন্যতম মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ।

নিয়মীয়া বাৰ্তা, ১৬ নৱেম্বৰঃ সংস্কৃত আমাৰ সভ্যতা , সংস্কৃত ভাষাৰ এটা দৈৱিক গুণ এয়ে যে সংস্কৃত এবাৰ পঢ়িলে মনত থাকে । অসম সচিবালয় চৌহদত নৰনাৰায়ণ , চুকুফা আৰু কুমাৰ ভাস্কৰ বৰ্মাৰ প্ৰতিমূৰ্তি স্থাপন কৰিবলৈ অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে । এই মন্তব্য ৰাজ্যৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্টানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ । মন্ত্ৰীগৰাকীয়ে শুকুৰবাৰে নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ অষ্টম প্ৰতিষ্ঠা দিৱস আৰু ২০১৯-২০ শিক্ষাবৰ্ষৰ বিশ্ববিদ্যালয় উৎসৱৰ সামৰণি অনুষ্ঠান উপলক্ষে বিশ্ববিদ্যালয় প্ৰাংগণত অনুষ্ঠিত উক্ত অনুষ্ঠানত উপস্থিত থাকি ভাষণত কামৰূপৰ সভ্যতা-সংস্কৃতি বৈদিক আৰু সনাতন সংস্কৃতি বুলি প্ৰকাশ কৰে । শংকৰদেৱে দুবাৰ ভাৰত ভ্ৰমণলৈ গৈ বৈদিক সাহিত্যৰ লগত যোগসূত্ৰ স্থাপন কৰা বুলি মন্তব্য কৰি কুমাৰ ভাস্কৰ বৰ্মা বিশ্ববিদ্যালয়খন কেৱল বৈদিক আৰু পুৰাতন অধ্যয়ন কেন্দ্ৰ হোৱাৰ পোষকতা কৰে । মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, সংস্কৃতি নহ’লে সাম্ৰাজ্য নহয় । সংস্কৃতি আগত, তাৰ পাছতহে সাম্ৰাজ্য বুলি মন্তব্য কৰি তেওঁ সংস্কৃতি সাম্ৰাজ্যৰ ভেটি বুলি কয় । পৃথিৱীৰ আঠখন দেশৰ সংগ্ৰহালয়ত বৃন্দাবনী বস্ত্ৰ আছে বুলি কৈ নতুন প্ৰজন্মক এই বিষয়ত গৱেষণা কৰিবলৈও আহ্বান জনায় । বিশ্ববিদ্যালয়খনৰ অষ্টম প্ৰতিষ্ঠা দিৱসত আৰু উৎসৱৰ সামৰণি অনুষ্ঠানত উপাচাৰ্য ড০ দীপক কুমাৰ শৰ্মাই আদৰণী ভাষণ প্ৰদান কৰা অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে বিশ্ববিদ্যালয়খনত নতুনকৈ বৈদিক গণিত আৰু বৈদিক জ্যোতিৰ্বিজ্ঞান বিষয় আৰম্ভ কৰিবলৈ পৰামৰ্শ আগবঢ়ায় । উক্ত অনুষ্ঠানতে সাৰস্বত অতিথি হিচাপে উপস্থিত থাকি গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোকসংস্কৃতি গৱেষণা বিভাগৰ প্ৰাক্তন মূৰব্বী অধ্যাপক ড০ নবীন চন্দ্ৰ শৰ্মাই ভাষণ প্ৰসংগত বিশ্ববিদ্যালয়খনৰ উত্তৰোত্তৰ কামনা কৰি ৰাইজক শিক্ষানুষ্ঠানখন আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় । অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সাংসদ দিলীপ শইকীয়া , নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা , পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱা আৰু বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ড০ হেমেন্দ্ৰ শৰ্মাকে ধৰি অধ্যাপক-অধ্যাপিকা ।

বন্তি প্ৰজ্বলন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
You might also like