ড০ জয়ন্ত বিশ্ব শৰ্মা
সতীশ (শর্মা) মামা (জন্ম ৮ মার্চ, ১৯৪৯)ৰ আজি (৯ ডিচেম্বৰ, ২০১৯) দেহাৱসান হ’ল৷ মামা আমাৰ মাৰ সম্পর্কীয় খুৰাকৰ ল’ৰা৷ লৰমা গাঁৱৰ একেখন চোতালৰে দুভাগে আতাহঁতৰ ঘৰ৷ সতীশ মামাই ১৯৬৮ চনত পশ্চিম বডিগোগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা প্রৱেশিকা পাছ কৰি আমাৰ মা আৰু দেউতাৰ তত্ত্বাৱধানত শিৱসাগৰৰ পলিটেকনিকত ঘডীৰ মেকানিকৰ ড্রেইনিং লৈছিল৷ দেউতাৰ কর্মসূত্রে আমি তেতিয়া যোৰহাটত৷ আমাৰ ঘৰলৈ সঘন অহা–যোৱা৷ মই কেইবছৰীয়ামান শিশু৷ তেতিয়া এই মানুহজনৰ বৈশিষ্ট্য কি বুজি পোৱা নাছিলোঁ৷ মামা কেতিয়া কমিউনিষ্ট পার্টীৰ সভ্য হৈছিল মই ঠিক নাজানো৷ ঘডীৰ মেকানিকৰ দক্ষতা আহৰণ কৰি মামাই গাঁৱৰ ঘৰৰ ওচৰতে বাহাৰঘাটত ঘডীৰ দোকান এখন দি সাধাৰণ জীৱন যাপন কৰি আছিল৷ তেতিয়া আমি আন্দোলনকাৰী৷ তথাকথিত আন্দোলনকাৰী৷ এতিয়া নিজৰে হাঁহি উঠে যে তেতিয়া আমি অসম ৰক্ষাত নামিছিলোঁ বুলি ভাবিছিলোঁ৷ মামাক আন্দোলনকাৰী সতীর্থসকলে নিগ্রহ কৰিছিল৷ তেতিয়াহে জানিছিলোঁ যে মামা কমিউনিষ্ট হৈছিল৷ লাহে লাহে মামাৰ বিপ্লৱী সত্তা পোহৰলৈ আহিছিল৷ এই সত্তা দৰাচলতে ৰাজপথত শ্লোগান দিয়া শিয়ালৰ নাছিল৷ এই সত্তা আছিল সিংহৰ৷ সকলোৰে প্রতি সমভাব৷ কেৱল পৰোপকাৰ৷ মই সঘন মিলামিছা কৰাৰ অৱসৰ পোৱা নাছিলোঁ৷ কিন্তু ভালে–কুশলে আছে খবৰ ৰাখিছিলোঁ৷ কি ৰজাঘৰ অথবা প্রজাঘৰ, কি সর্বহাৰা অথবা ধনী, এইজন মানুহৰ কাৰোৰে প্রতি বিৰূপ মনোভাব নাছিল৷ তেওঁ সমাজৰ পৰিৱর্তন বিচাৰিছিল৷ হাতত যি সমল আছিল বা পৰিস্থিতি–পৰিৱেশৰ সীমাবদ্ধতাৰে স্ব–দায়িত্ব পালন কৰি এখন নতুন সমাজৰ স্বপ্ণত বিভোৰ আছিল৷ কত কৃষক–বনুৱাৰ হাতৰ সাৰথি হৈছিল, এতিয়াহে অলপ অলপ জানিবলৈ আৰম্ভ কৰিছোঁ৷ ঘডীৰ কাৰিকৰৰ কাম বাদ দি ৰঙিয়াত থিতাপি লৈ অহর্নিশে পার্টীৰ স্বয়ংসেৱক হৈ জীৱনটো শেষ কৰিছিল৷ কমৰেড বান্ধৱীৰ সৈতেই বিবাহপাশত আবদ্ধ হৈছিল, কিন্তু সন্তান জন্ম দিয়াৰ কথা চিন্তা কৰা নাছিল৷ অঘৰী আছিল৷ সম্পদৰ ফালৰ পৰা সম্পূর্ণ ৰিক্ত আছিল৷ ভাগিন বুলি আমিকেইটাক অলেখ মৰম কৰিছিল৷ আমাৰ শুভচিন্তক আছিল৷ কিন্তু সংগ্রামী জীৱনৰ হাজাৰটা দুর্যোগৰ মাজতো ভাগিন বুলি সহায়ৰ হাত পতা নাছিল৷ অথচ আমি আটাইকেইটাই আছিলোঁ যিকোনো সহায়ৰ বাবে সুযোগ্য আৰু প্রস্তুত৷ এনে আত্মমর্যাদাৰ উদাহৰণ অদ্বিতীয়৷ মামা অৱশেষত মাল্টিপল মায়েল’মা নামৰ এবিধ কেঞ্চাৰত আক্রান্ত হৈছিল৷ এইবিধ বেমাৰে কিডনীও আক্রান্ত কৰে৷ যোৱা তিনি বছৰমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসা লৈ মাজে–সময়ে ভর্তি হৈ থাকিবলগীয়া হৈছিল৷ সেই সময়তে আমি যৎসামান্য সহায় কৰাৰ সুযোগ পাইছিলোঁ৷ আজি মামাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়তে দেহাৱসান হ’ল৷ বহু সংগ্রামী দেখিছোঁ৷ হয়তো বিশ্ববিদ্যালয়ৰ অধ্যাপক৷ বামপন্থী৷ সত্তৰৰ দশকত যেতিয়া বিশ্ববিদ্যালয়ৰ কেম্পাছত কাৰো গাডী নাছিল ফিয়েট গাডী কিনি লৈ বিপ্লৱ কৰিছিল৷ আজি এনে বিপ্লৱী অধিক৷ মনে মনে চৰকাৰী সুবিধা লয়৷ দিনৰ পোহৰত ৰাজপথত শ্লোগান দি বিপ্লৱী–বিলাসিতা পূৰণ কৰে৷ কিন্তু এইজন সতীশ শর্মা আছিল অনন্য৷ মৃত্যুৰ পিছতো দধীচি মুনিৰ দৰে দেহাটো গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ শৰীৰ সংস্থানবিদ্যা বিভাগক দান কৰি গ’ল যাতে পার্থিৱ দেহাটো ব্যৱচ্ছেদ কৰি চিকিৎসাবিদ্যাৰ ছাত্র–ছাত্রীসকলে মানুহৰ মংগলৰ বাবে জ্ঞান আহৰণ কৰে৷ এই মহৎ আকাংক্ষা জীৱনকালত ব্যক্ত কৰি বাঃ বাঃ লোৱাৰ কথা এই সাধাৰণ মানুহজনৰ মূৰত সোমোৱা নাছিল৷ চাব্বাচ৷ মোৰ শতসহস্র প্রণাম৷ আজি এইমাত্রহে পার্টীৰ সতীর্থসকলে ৰঙিয়াত সন্মান প্রদর্শন কৰাৰ পিছত দেহাটো পুনৰ চিকিৎসা মহাবিদ্যালয়লৈ ওভতাই লৈ যোৱা শুনিহে এই শেষ ত্যাগৰ সম্ভেদ পাইছোঁ৷ এইজন এজন ব্যক্তি অতি সাধাৰণ আৰু অখ্যাত৷ কিন্তু আমি তেওঁক ঢুকি পাম মনে নধৰে৷