নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সন্তানক স্কুলত থৈ চাংসাৰিত ৰে’লৰ আগত জঁপিয়াই আত্মহত্যা হাজোৰ মহিলাৰ

নিয়মীয়া বার্তা, ১১ ফেব্রুৱাৰীঃ গুৱাহাটী মহানগৰীৰ সমীপৱর্তী অঞ্চল চাংসাৰিত সোমবাৰে চলন্ত ৰে’লৰ সন্মুখত জঁপিয়াই আত্মহত্যা কৰে এগৰকী বিধৱাই ৷ আত্মহননৰ দৰে চৰম পন্থা হাতত লোৱা প্রায় ২৫ বছৰীয়া মহিলাগৰাকী হ’ল হাজোৰ দলিবাৰীৰ প্রয়াত দেৱজিৎ কলিতাৰ পত্নী তথা দুই কণমানি সন্তানৰ মাতৃ জুৰী দাস কলিতা ৷ প্রাপ্ত তথ্য মতে, সোমবাৰে দিনৰ ১১.৩০মান বজাত বিধৱাগৰাকীয়ে চাংসাৰি ৰে’ল ষ্টেচনৰ সমীপত হাতত এটা কাপোৰৰ টোপোলা লৈ অৱস্থান কৰি আছিল ৷ সেই সময়তে তীব্রগতিৰে আহি থকা ১৫৬৩৬ নম্বৰৰ নামনিমুৱা ঊষা এক্সপ্রেছ ৰে’লগাড়ীখনৰ আগত মহিলাগৰাকীয়ে জাঁপ মাৰে ৷ ৰে’লৰ খুন্দাত ছিন্ন–ভিন্ন হৈ যায় মহিলাগৰাকীৰ মৃতদেহ ৷ মুহূর্ততে অঞ্চলটোত হুৱাদুৱা লাগে আৰু ঘটনাস্থলীত সমৱেত হয় বহু লোক ৷ পিছত ৰে’ল আৰক্ষীৰ লগতে বাইহাটা জি আৰ পিৰ ভাৰপ্রাপ্ত বিষয়া ৰজনী ভৰালীৰ নেতৃত্বত এটা আৰক্ষীৰ দলে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো আঁতৰ কৰাৰ ব্যৱস্থা কৰে ৷ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থাও কৰা হৈছে ৷

মন কৰিবলগীয়া কথাটো হ’ল মহিলাগৰাকীৰ টোপালাটোৰ পৰা উদ্ধাৰ হোৱা সৰু ল’ৰা–ছোৱালীৰ গৰম কাপোৰ আৰু কিছু সামগ্রীয়ে প্রথমে প্রত্যক্ষদর্শীৰ মাজত উৎকণ্ঠাৰ সৃষ্টি কৰিছিল যদিও পাছত সমগ্র ঘটনা পোহৰলৈ আহে ৷ মহিলাগৰাকীৰ স্বামী দেৱজিৎ কলিতাৰো তিনি মাহমান পূর্বে হেনো চাংসাৰিৰ চৌকিগেটৰ সমীপত ৰে’লৰ চেপাত মৃত্যু হৈছিল ৷ তাৰ পিছত মহিলাগৰাকীয়ে দুই কণমানি সন্তানৰ সৈতে জীৱন অতিবাহিত কৰিছিল যদিও অভাৱ–অনাটনত মানসিকভাৱে ভাগি পৰিছিল ৷ ইয়াৰ অন্তৰালত অন্য কোনো কাৰণো থাকিব পাৰে বুলি সন্দেহ কৰা হৈছে ৷ সোমবাৰে প্রথম সন্তানটি স্কুলত থৈ চাংসাৰিলৈ আহে মহিলাগৰাকীয়ে আৰু এটা সময়ত চলন্ত ৰে’লখনৰ আগত জঁপিয়াই আত্মহত্যা কৰে ৷ অৱশ্যে দ্বিতীয় কণমানি সন্তানটি ঘৰতে থৈ অহা বুলি ৰে’ল আৰক্ষীয়ে অৱগত কৰিছে ৷

You might also like