নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সন্ত্ৰাস সৃষ্টিকাৰী ‘কৃষ্ণ’ হ’ব ঘৰচীয়া

নিয়মীয়া বাৰ্তা,১৩ নৱেম্বৰঃ গোৱালপাৰাৰ ভিন্ন অঞ্চলত দীৰ্ঘদিনে সন্ত্ৰাস চলোৱাৰ পাচত অৱশেষত বশ কৰিবলৈ সক্ষম হ’ল লাডেন অৰ্থাৎ কৃষ্ণক । মঙলবাৰে দুধনৈৰ পৰা স্থানান্তৰ কৰা কৃষ্ণৰ এতিয়া নতুন ঠিকনা হ’ব ওৰাং ৰাষ্ট্ৰীয় উদ্যান । অৱশ্যে পূৰ্বৰ দৰে মুকলিকৈ ঘূৰিবলৈ নাপাব এতিয়া কৃষ্ণই । বনৰীয়া কৃষ্ণক এতিয়া পোহনীয়া কৰা হ’ব । চাৰিটা কুনকী হাতীয়ে প্ৰশিক্ষণ দিব লগা কৃষ্ণৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব ফান্দী ডিম্বেশ্বৰ দাসে । ইতিমধ্যে প্ৰশিক্ষণৰ বাবে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গঢ়ি তোলা হৈছে সকলোধৰণৰ ব্যৱস্থা । উল্লেখ্য যে, দীৰ্ঘদিনে দুধনৈত ‘লাডেন’ নামেৰে পৰিচিত হৈ সন্ত্ৰাস চলাই থকা হাতীটোৰ নাম অৱশেষত ৰখা হয় ‘কৃষ্ণ’ ।

You might also like