নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমষ্টি পুনৰ গঠনক লৈ ৰাজ্যৰ ৰাজনীতিত ভিন্ন সমীকৰণ

এই সিদ্ধান্তত কোনো ৰাজনৈতিক উদ্দেশ্য নাইঃ ৰঞ্জিত দাস

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ ২০২১ চনৰ বিধানসভা নির্বাচনৰ প্রাক্ক্ষণত কেন্দ্রীয় চৰকাৰে সমষ্টি পুনৰ গঠনৰ বাবে জাৰি কৰা অধিসূচনাই ৰাজনৈতিক মহলত সৃষ্টি কৰিছে তীব্র উৎকণ্ঠা তথা প্রতিক্রিয়া৷ ২০০৮ চনতে সমগ্র দেশতে সমষ্টি পুনৰ নির্ধাৰণ প্রক্রিয়া সম্পন্ন কৰাৰ বিপৰীতে আইন–শৃংখলাজনিত কাৰণৰ অজুহাতত অসম, অৰুণাচল প্রদেশ, মণিপুৰ, নাগালেণ্ডক এই প্রক্রিয়াৰ পৰা আঁতৰাই ৰখা হৈছিল৷ কিন্তু কেন্দ্রীয় চৰকাৰৰ আইন আৰু ন্যায় মন্ত্রালয়ে এক অধিসূচনাৰ জৰিয়তে পূর্বৰ প্রতিবন্ধকতা আঁতৰাই অসমৰ লগত উত্তৰ–পূবৰ আন ৰাজ্যকেইখনতো সমষ্টি পুনৰ নির্ধাৰণৰ প্রক্রিয়া আৰম্ভ কৰাৰ কথা ঘোষণা কৰে৷ এই ঘোষণাৰ পাছত এতিয়া ৰাজ্যৰ ৰাজনৈতিক মহলত সৃষ্টি হৈছে ব্যাপক চর্চা৷

       সমষ্টি পুনৰ নির্ধাৰণ প্রক্রিয়াৰ ফলত ৰাজনৈতিক দলসমূহে কিমান পৰিমাণে লাভান্বিত হ’ব অথবা এই প্রক্রিয়াৰ ফলত ৰাজনৈতিকভাৱে ক্ষতি হ’ব নেকি, তাক লৈও আৰম্ভ হৈছে সৰৱ আলোচনা৷ উল্লেখ্য যে ২০০১ চনৰ লোকপিয়লৰ তথ্য প্রকাশৰ পাছতেই ২০০২ চনৰ ১২ জুলাইত উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্রাপ্ত ন্যায়াধীশ কুলদীপ সিঙৰ নেতৃত্বত সমষ্টি পুনৰ গঠন আয়োগ গঠন কৰা হৈছিল৷ আয়োগে দেশৰ ২৫খন ৰাজ্যৰ ৩,৭২৬টা বিধানসভা আৰু ৫১৩টা লোকসভা সমষ্টিৰ পুনৰ গঠন প্রক্রিয়াৰ পৰামর্শসম্বলিত প্রতিবেদন ২০০৭ চনৰ ডিচেম্বৰ মাহত সংসদত দাখিল কৰে৷ সমষ্টি পুনৰ গঠনৰ এই প্রক্রিয়াক লৈ সেই সময়তে একাংশ দল–সংগঠনে ইয়াৰ মুকলি বিৰোধিতা কৰিছিল৷ আনকি এই প্রক্রিয়াৰ পৰা অসমক ৰেহাই দিয়াৰ আর্জিৰে ২০০৭ চনৰ জানুৱাৰী মাহত অসম বিধানসভাৰ তদানীন্তন অধ্যক্ষ টংক বাহাদুৰ ৰাইৰ নেতৃত্বত এটা সর্বদলীয় প্রতিনিধি দলে তদানীন্তন কেন্দ্রীয় গৃহমন্ত্রী শিৱৰাজ পাটিলক সাক্ষাৎ কৰি সমষ্টি পুনৰ গঠনৰ বিৰোধিতা কৰাৰ লগতে ৰাজ্যত ৰাষ্ট্রীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্রক্রিয়া সম্পন্ন নোহোৱাপর্যন্ত আৰু উগ্রবাদ সমস্যা সমাধান নোহোৱাপর্যন্ত এই প্রক্রিয়াৰ পৰা অসমক বাহিৰত ৰখাৰ দাবী তুলিছিল৷ যাৰ বাবে ২০০৮ চনৰ জানুৱাৰী মাহত কেন্দ্রীয় কেবিনেটে এখন অধ্যাদেশযোগে অসমক সমষ্টি পুনৰ গঠনৰ পৰা আঁতৰাই ৰাখে৷

         কিন্তু  বিজেপি নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰে পূর্বৰ অধিসূচনা প্রত্যাহাৰ কৰি সমষ্টি পুনৰ গঠনৰ কাম আৰম্ভ কৰাৰ বাবে নতুন অধিসূচনা জাৰি কৰে৷ অসমত এই প্রক্রিয়া আৰম্ভ হ’লে লোকসভাৰ আসন ১৪খনৰ পৰা ২০খনলৈ আৰু বিধানসভাৰ আসন ১২৬খনৰ পৰা ১৫০খনলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে৷ এনে অৱস্থাত কোনবোৰ ৰাজনৈতিক দল লাভান্বিত বা ক্ষতিৰ সন্মুখীন হ’ব, তাক লৈ চর্চা আৰম্ভ হৈছে৷ বিৰোধী কংগ্রেছ আৰু এ আই ইউ ডি এফে সমষ্টি পুনৰ গঠনৰ মুকলিকৈ বিৰোধিতা কৰাৰ বিপৰীতে বিজেপিয়ে কেন্দ্রীয় চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে৷ এই সন্দর্ভত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে কয়– সমষ্টি পুনৰ নির্ধাৰণ প্রক্রিয়া ইতিমধ্যে সমগ্র দেশত হৈ গৈছে৷

                কিন্তু এই প্রক্রিয়াৰ পৰা অসমক আঁতৰ কৰি ৰখা হ’ল৷ ইয়াৰ কোনো যুক্তি নাছিল৷ এক ৰাজনৈতিক উদ্দেশ্য আগত লৈয়ে অসমত সমষ্টি পুনৰ গঠন হ’বলৈ দিয়া নহ’ল৷ এতিয়া পৰিৱেশ সলনি হৈছে৷ বিজেপি নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰে এক দেশ এক নীতিৰ আধাৰত এই প্রক্রিয়া আৰম্ভ কৰিব বিচাৰিছে৷ বিজেপিয়ে ইয়াক আদৰণি জনাইছে৷ কিয়নো অসমত জনবিন্যাসৰ যথেষ্ট পৰিৱর্তন ঘটিছে৷ গতিকে সমষ্টি পুনৰ নির্ধাৰণৰ আৱশ্যকতা আছে৷ অৱশ্যে ইয়াৰ দ্বাৰা বিজেপিয়ে কোনো ৰাজনৈতিক উদ্দেশ্য পূৰণ কৰিব খোজা নাই৷ অসমত সমষ্টি পুনৰ নির্ধাৰণ হোৱা–নোহাৱাৰ ওপৰত বিজেপিৰ কোনো লাভ বা লোকচান নহয়৷ ২০২১ চনৰ নির্বাচনৰ বাবে দলে ১০০খন আসনৰ লক্ষ্য কৰি লৈছে৷ বর্তমান বিজেপি আৰু মিত্রজোঁটৰ হাতত ৮৮খন আসন আছে৷ গতিকে সমষ্টি পুনৰ নির্ধাৰণ হ’লেও বিজেপিক কোনো ক্ষতি কৰিব নোৱাৰে৷ আমাৰ কথা হ’ল– যিহেতু অসমৰ জনগাঁথনিৰ পৰিৱর্তন ঘটিছে তথা সমষ্টিসমূহত জনসংখ্যা বৃদ্ধি হৈছে,

             তেনে পৰিপ্রেক্ষিতত সমষ্টি পুনৰ নির্ধাৰণৰ আৱশ্যকতা আছে৷ ৰাজ্যিক বিজেপিৰ সভাপতিৰ এনে মন্তব্যৰ বিপৰীতে কিন্তু কেন্দ্রীয় চৰকাৰে জাৰি কৰা অধিসূচনাক মুকলিকৈ বিৰোধিতা কৰিছে কংগ্রেছে৷ বিৰোধী দলপতি দেৱব্রত শইকীয়াই এই সন্দর্ভত কয়– ২০০৭ চনত অসম বিধানসভাত সর্বসন্মতভাৱে সমষ্টি পুনৰ গঠনৰ প্রক্রিয়াৰ বিৰোধিতা কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ সেই সময়ত বিজেপি বিৰোধী দলত আছিল যদিও ইয়াক সমর্থন কৰিছিল৷ আনকি বিধানসভাৰ অধ্যক্ষৰ নেতৃত্বত সর্বদলীয় প্রতিনিধিৰ দলে ইয়াৰ বিৰোধিতাৰে কেন্দ্রীয় চৰকাৰক স্মাৰক–পত্র দিছিল৷ তাত স্পষ্টকৈ উল্লেখ কৰা হৈছিল যে এন আৰ চি প্রক্রিয়া সম্পন্ন নোহোৱালৈ সমষ্টি পুনৰ গঠনৰ পৰা অসমক আঁতৰাই ৰখা হওক৷ এতিয়াও এন আৰ চি প্রক্রিয়া চলি আছে৷ এন আৰ চি প্রক্রিয়া সম্পন্ন নকৰাকৈ সমষ্টি পুনৰ গঠন কৰাটো অযথা অর্থব্যয়৷ এন আৰ চিৰ পৰা ১৯ লাখতকৈও অধিক লোকৰ নাম বাদ পৰিছে৷ এই লোকসকলৰ অধিকাংশই নাগৰিকত্বৰ বিভিন্ন তথ্য লৈ আবেদন কৰিবলৈ সাজু হৈ আছে৷

                গতিকে এইসকল লোকক বাদ দি সমষ্টি পুনৰ গঠনৰ প্রক্রিয়া আৰম্ভ কৰাৰ যুক্তি নাই৷ কংগ্রেছৰ স্থিতিৰ সমান্তৰালকৈ এ আই ইউ ডি এফেও সমষ্টি পুনৰ নির্ধাৰণৰ প্রক্রিয়াৰ বিৰোধিতা কৰিছে৷ দলৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে এই সন্দর্ভত কয়– কেন্দ্রীয় চৰকাৰে অধিসূচনা জাৰি কৰিছে যদিও এতিয়াও সকলো স্পষ্ট হোৱা নাই৷ এই প্রক্রিয়াত অসমৰ লোকসভা আৰু বিধানসভাৰ আসন বাঢ়িব নে হ্রাস হ’ব, সেয়া স্পষ্ট হোৱা নাই৷ যদি আসন বৃদ্ধি নহয়, তেন্তে এনে প্রক্রিয়াৰ কোনো যুক্তি নাই৷ দৰাচলতে বিজেপি নেতৃত্বাধীন চৰকাৰে এই প্রক্রিয়াৰ জৰিয়তে মুছলমান ভোটাৰ হ্রাস কৰিব বিচাৰিছে৷ তেওঁলোকৰ লক্ষ্য হ’ল যিবোৰ সমষ্টিত মুছলমান ভোটাৰে নির্ণায়ক ভূমিকা গ্রহণ কৰে, সেই সমষ্টিসমূহ সলনি কৰা৷ সমষ্টি পুনৰ নির্ধাৰণ প্রক্রিয়াৰ দ্বাৰা কিমান সমষ্টি বৃদ্ধি হয় অথবা কিমান হ্রাস হয়, সেয়া যথেষ্ট গুৰুত্বপূর্ণ হ’ব৷ ইফালে কেন্দ্রীয় চৰকাৰে জাৰি কৰা এই অধিসূচনাক লৈ প্রতিক্রিয়া প্রকাশ কৰিছে উচ্চতম ন্যায়ালয়ৰ অধিবক্তা উপমন্যু হাজৰিকাই৷ অধিবক্তাজনৰ মতে ‘কা’বিৰোধী আন্দোলন তীব্রতৰ হোৱা বাবেই কেন্দ্রীয় চৰকাৰে সমষ্টি পুনৰ গঠনৰ

                  এই প্রক্রিয়াৰ দ্বাৰা খিলঞ্জীয়াসকলক গুৰুত্বহীন কৰিব বিচাৰিছে৷ উল্লেখ্য যে কেন্দ্রীয় চৰকাৰে কালি অধিসূচনাৰ জৰিয়তে সমষ্টি পুনৰ নির্ধাৰণ প্রক্রিয়া আৰম্ভ কৰিব খোজা বিষয়টোৱে ৰাজনৈতিক ক্ষেত্রখনত যে বিশেষ প্রভাৱ পেলাব, সেয়া কার্যতঃ স্পষ্ট হৈছে৷ ২০১১ চনৰ লোকপিয়লৰ ভিত্তিত আৰম্ভ কৰিব খোজা সমষ্টি পুনৰ নির্ধাৰণৰ এই প্রক্রিয়া অহা চাৰি মাহৰ ভিতৰত আৰম্ভ কৰাৰ সম্ভাৱনা আছে৷ বিষয়টোক লৈ ইতিমধ্যে শাসকীয় দলটোৰ ভিতৰচ’ৰাতো আৰম্ভ হৈছে ব্যাপক কুচকাৱাজ৷ শেহতীয়াকৈ অসম ভ্রমণৰ সময়ত অমিত শ্বাহে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাৰ সৈতে বিষয়টো আলোচনা কৰিছিল৷ এনে অৱস্থাত সমষ্টি পুনৰ নির্ধাৰণৰ এই প্রক্রিয়াক লৈ ৰাজনৈতিক মহলত ক্রমাৎ বৃদ্ধি পাইছে উৎকণ্ঠা৷

You might also like