সমষ্টি পুনৰ নির্ধাৰণঃ চৰকাৰৰ সিদ্ধান্তক ছুপ্রিম ক’টত প্ৰত্যাহ্বান এ আই ইউ ডি এফৰ
নিয়মীয়া বাৰ্তা, ১১ জুলাইঃ সমগ্র দেশৰ সৈতে অসমতো ক’ৰোনা ভাইৰাছে বিভীষিকা সৃষ্টি কৰিছে৷ ক’ৰোনাৰে মোকাবিলা কৰি থকাৰ সময়ত অসমৰ লগতে উত্তৰ–পূর্বাঞ্চলৰ মুঠ চাৰিখন ৰাজ্যৰ সমষ্টি পুনৰ নির্ধাৰণ প্রক্রিয়াৰ যৌক্তিকতাক লৈ প্রশ্ন উত্থাপন কৰি বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে৷ এই সন্দর্ভত এ আই ইউ ডি এফৰ এক লেখ আবেদনৰ (৫২৪/২০২০) শুনানি গ্রহণ কৰি মুখ্য ন্যায়াধীশ শাৰদ অৰবিন্দ বোবডেৰ নেতৃত্বাধীন তিনিজনীয়া বিচাৰপীঠে আজি কেন্দ্র আৰু ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰে৷ ন্যায়ালয়ৰ মজিয়াত এ আই ইউ ডি এফৰ বক্তব্য– সমগ্র দেশ এতিয়া ক’ৰোনা মোকাবিলাত ব্যস্ত হৈ আছে৷ উন্নয়নমূলক কাম–কাজো স্থবিৰ হৈ পৰিছে৷ সেই সময়ত ২০০১ চনৰ লোকপিয়লৰ ভিত্তিত সমষ্টি পুনৰ নির্ধাৰণ প্রক্রিয়াৰ কোনো যুক্তি থাকিবই নোৱাৰে৷
ন্যায়ালয়ত দাখিল কৰা শপতনামাত দলটোৱে লগতে প্রশ্ণ উত্থাপন কৰি কয় যে যেতিয়া ২০১১ চনৰ লোকপিয়ল আমাৰ সন্মুখত আছে, ২০২১ চনৰ লোকপিয়ল হ’বলৈ আৰু এবছৰো নাই৷ তেতিয়া ২০০১ চনৰ লোকপিয়লৰ ভিত্তিত অসমত সমষ্টি পুনৰ নির্ধাৰণৰ প্রয়োজনীয়তা কত? ইয়াৰ পৰিপ্রেক্ষিতত মুখ্য ন্যায়াধীশ বোবডে, আৰ এছ ৰেড্ডী আৰু এ এছ বোপান্নাৰে গঠিত খণ্ড বিচাৰপীঠে কেন্দ্র আৰু ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰে৷ উল্লেখ্য যে ৰাজ্যৰ সমষ্টি পুনৰ নির্ধাৰণক লৈ এ আই ইউ ডি এফৰ পূর্বে আন এখন লেখ আবেদন উচ্চতম ন্যায়ালয়ৰ বিবেচনাধীন হৈ আছে৷ যোৱা ২৭ মে’ত হোৱা উক্ত শুনানিতো মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে সমগ্র বিষয়টোত শপতনামাযোগে উত্তৰ দিবলৈ কেন্দ্র আৰু ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰিছিল৷ ইপিনে, এ আই ইউ ডি এফৰ শপতনামাত আন এটা বিষয় সন্নিৱিষ্ট কৰা পৰিলক্ষিত হৈছে৷ কোৱা হৈছে ২০০৮ চনৰ ৮ ফেব্রুৱাৰীত কেন্দ্রীয় চৰকাৰে অসমৰ অৱনমিত আইন–শৃংখলা পৰিস্থিতিৰ দোহাই দি অসমৰ সমষ্টি পুনৰ নির্ধাৰণ প্রক্রিয়া বাতিল কৰিছিল৷
চলিত বছৰৰ ফেব্রুৱাৰী মাহলৈকেও কেন্দ্রীয় চৰকাৰে অসমক ‘ডিষ্টার্বড এৰিয়া’ হিচাপে চিহ্ণিত কৰি সেনাবাহিনীৰ বিশেষ ক্ষমতা আইন বলৱৎ ৰাখিছিল৷ সেয়েহে সমষ্টি পুনৰ নির্ধাৰণৰ বাবেই অশান্ত অসম কেনেকৈ শান্ত হৈ উঠিল, সেয়ালৈ এ আই ইউ ডি এফে আজি ন্যায়ালয়ৰ মজিয়াত প্রশ্ণ উত্থাপন কৰিছে৷ উল্লেখ্য যে অসমৰ লগতে অৰুণাচল প্রদেশ, মণিপুৰ, নাগালেণ্ড আৰু জম্মু–কাশ্মীৰৰ বিধানসভা আৰু লোকসভা সমষ্টিৰ পুনৰ নির্ধাৰণ বাবে কেন্দ্রীয় চৰকাৰে যোৱা ৬ মার্চত উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্রাপ্ত ন্যায়াধীশ ৰঞ্জনা প্রকাশ দেশাইৰ নেতৃত্বত সমষ্টি পুনৰ নির্ধাৰণ আয়োগ গঠন কৰিছিল৷ কোৱা হৈছিল এবছৰৰ ভিতৰত কমিটীয়ে সমষ্টি পুনৰ নির্ধাৰণৰ কাম সম্পন্ন কৰিব৷ ধাৰণা কৰা হৈছে যে পুনৰ নির্ধাৰিত সমষ্টিৰ ভিত্তিতহে অসমৰ পৰৱর্তী বিধানসভা নির্বাচন অনুষ্ঠিত হ’ব৷ পিছে এইক্ষেত্রত উচ্চতম ন্যায়ালয়ৰ ৰায়দান বিশেষ লক্ষণীয় বিষয় হ’ব৷