নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাংবাদিক ধীৰেন্দ্র নাথ চক্রৱর্তীক গ্রেপ্তাৰৰ দাবীত মুখ্যমন্ত্রীলৈ পত্র

মাজুলী–যোৰহাটত প্রতিবাদ মায়ামৰা সমাজৰ

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ সাংবাদিক ধীৰেন্দ্র নাথ চক্রৱর্তীয়ে এক জানুৱাৰীত মুখ্যমন্ত্রীৰ পৃষ্ঠপোষকতাত আয়োজিত সংবাদ মেলত সাংবাদিকৰে হোৱা বার্তালাপত মায়ামৰা ধর্মীয় ভক্তসকলৰ প্রতি কটু মন্তব্য কৰি ‘মায়ামৰীয়া বিপ্লৱে আহোমৰ ৰাজত্ব শেষ কৰিলে আৰু আলফাৰ প্রসংগত অযথা মায়ামৰীয়াসকলক টানি আনি কলংকৃত কৰিলে ৷ ইয়াৰ দুবছৰ পূর্বেও তেওঁ মায়ামৰা বিপ্লৱে কৰাসকলক কুলাংগাৰ’ বুলি কোৱা গুৰুতৰ অভিযোগ তুলি জ্যেষ্ঠ সাংবাদিকজনাৰ বিৰুদ্ধে আধ্যাত্মিক প্রতিবাদ কৰি অভিযোগ উত্থাপন কৰিছে ৷ সংবাদিকজনৰ উক্ত বক্তব্যৰ প্রতিবাদত বৃহস্পতিবাৰে মাজুলীৰ মায়ামৰা সাংস্কৃতিক সমাজ মাজুলী জিলা সমিতিয়ে গড়মূৰ মিনি ষ্টেডিয়ামত সমৱেত হৈ আধ্যাত্মিক পোছাক পৰিধান কৰি খোল–তাল আৰু হৰিনাম গাই সাংবাদিকগৰাকীক গ্রেপ্তাৰৰ দাবী তুলি জিলা উপায়ুক্ত কার্যালয়ৰ সন্মুখলৈ আহি মাজুলীৰ উপায়ুক্তৰ যোগেদি অসমৰ মুখ্যমন্ত্রীলৈ স্মাৰক–পত্র প্রেৰণ কৰে ৷

বিশিষ্ট বুদ্ধিজীৱী তথা জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্র নাথ চক্রৱর্তীয়ে অসমৰ মায়ামৰাসকলৰ প্রতি কৰা অশোভনীয় মন্তব্যৰ প্রতিবাদত কালিবৰভেটি সংৰক্ষণ আৰু উন্নয়ন সমিতিয়ে যোৰহাট জিলাৰ উপায়ুক্তৰ যোগেদি মুখ্যমন্ত্রীলৈ স্মাৰক–পত্র প্রেৰণ কৰিছে৷ সমিতিৰ সভাপতি পূর্ণকান্ত বৰা আৰু সম্পাদক ঠানুৰাম দাস স্বাক্ষৰিত স্মাৰক–পত্রখনত ধীৰেন্দ্র নাথ চক্রৱর্তীয়ে যোৱা ১ জানুৱাৰীত মুখ্যমন্ত্রীৰ উপস্থিতিত মায়ামৰা সমাজৰ বিৰুদ্ধে কৰা তাচ্ছিল্যসূচক মন্তব্যৰ প্রতিবাদ কৰাৰ লগতে সাংবাদিকগৰাকীক গ্রেপ্তাৰৰ দাবী জনাইছে ৷

You might also like