নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাংসদ আজমলৰ স্বাস্থ্যৰ দ্রুত অৱনতি মুম্বাইত চিকিৎসাধীন

নিয়মীয়া বার্তা, ১৩ জুলাইঃ এ আই ইউ ডি এফৰ মুৰব্বী তথা সাংসদ বদৰুদ্দিন আজমলৰ স্বাস্থ্যৰ অৱস্থা ক্রমাৎ জটিল হৈছে৷ বর্তমান মুম্বাইত চিকিৎসাধীন হৈ থকা ধুবুৰী সমষ্টিৰ সাংসদ আজমলৰ শেহতীয়া স্বাস্থ্যৰ অৱস্থাক লৈ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই নিজৰ উদ্বিগ্নতা প্রকাশ কৰিছে৷ দেওবাৰে টুইটযোগে স্বাস্থ্যমন্ত্রীগৰাকীয়্ নিজৰ উদ্বিগ্নতা প্রকাশ কৰে৷ মন্ত্রীগৰাকীয়ে ফোনযোগে আজমলৰ স্বাস্থ্যৰ বুজ লয়৷

উল্লেখ্য যে দীর্ঘদিন ধৰি মধুমেহ ৰোগত আক্রান্ত সাংসদ আজমলৰ শৰীৰত শেহতীয়াকৈ হ্রাস পাইছে অক্সিজেনৰ পৰিমাণ৷ বদৰুদ্দিন আজমলৰ লগতে তেওঁৰ ভাতৃ চিৰাজুদ্দিন আজমলো বর্তমান চিকিৎসাধীন হৈ আছে৷ আজমল ভাতৃদ্বয় ক’ৰোনাত আক্রান্ত হোৱা বুলি বিভিন্ন মহলত প্রচাৰ চলিছিল যদিও এ আই ইউ ডি এফে এই কথা অস্বীকাৰ কৰিছে৷ সাংসদ আজমল মুম্বাইৰ নিজা বাসগৃহতে চিকিৎসাধীন হৈ আছে৷

You might also like