সাহিত্য অকাডেমি অনুবাদ বঁটা-২০১৯ঃ অসমীয়াত নৱ কুমাৰ সন্দিকৈ, বড়োত গোপীনাথ ব্রহ্মলৈ স্বীকৃতি
নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ সাহিত্য অকাডেমিৰ ২০১৯ বৰ্ষৰ অনুবাদ বঁটা সোমবাৰে ঘোষণা কৰা হয় । মুঠ ২৩ টা ভাষাত অনুদিত গ্ৰন্থৰ বাবে এই বঁটাসমূহ ঘোষণা কৰা হৈছে । ইয়াৰে অসমীয়া ভাষালৈ ৰাজতৰংগিনী অনুবাদৰ বাবে নৱ কুমাৰ সন্দিকৈয়ে আৰু অংম্বলাৱৰিনী ফাৱৰ বাবে বড়ো ভাষাত গোপীনাথ ব্রহ্মই এই বঁটা লাভ কৰিছে৷
‘সাহিত্য অকাডেমি অনুবাদ বঁটা– ২০১৯’ৰ বাবে ঘোষিত তালিকাত তেজপুৰ ঘোঁৰামাৰী নিৱাসী গোপীনাথ ব্রহ্মৰ নামো সন্নিৱিষ্ট হোৱাৰ বাতৰিয়ে শোণিতপুৰ জিলাৰ সাহিত্যপ্রেমী ৰাইজ আৰু বিদ্বৎ সমাজক উৎফুল্লিত কৰি তুলিছে৷
উল্লেখ্য যে সাহিত্য অকাডেমিৰ অধ্যক্ষ ড০ চন্দ্রশেখৰ কঁংবাৰৰ পৌৰোহিত্যত আজি নতুন দিল্লীৰ ৰবীন্দ্র ভৱনত অনুষ্ঠিত অকাডেমিৰ কার্যনির্বাহক বৈঠকত অনুবাদ বঁটাৰ বাবে ২৩খন গ্রন্থত অনুমোদন জনোৱা হয়৷ দেশৰ বিভিন্ন প্রান্তৰ পৰা লেখকসকলে প্রেৰণ কৰা অনুবাদ গ্রন্থসমূহৰ ওপৰত বিচাৰক মণ্ডলীয়ে পর্যালোচনা কৰি নির্বাচিত কৰিছিল এই ২৩খন অনুবাদ গ্রন্থ৷ কলহনৰ বিখ্যাত ঐতিহাসিক ইতিবৃত্তসমৃদ্ধ সংস্কৃত গ্রন্থ ‘ৰাজতৰংগিনী’ একে নামেৰে অসমীয়া ভাষাত অনুবাদ কৰাৰ বাবে নৱ কুমাৰ সন্দিকৈয়ে আৰু এম মুকুন্দনৰ মালায়ালম ভাষাৰ ‘দৈৱথিন্তে বিকৃথিকল’ শীর্ষক উপন্যাসখনক ‘অংম্বলাৱৰিনী ফাৱ’ নামেৰে গোপীনাথ ব্রহ্মই বড়ো ভাষাত অনুবাদ কৰাৰ বাবে স্বীকৃতি লাভ কৰিছে৷
উল্লেখ্য যে সাহিত্য অকাডেমিৰ সচিব ডাঃ কে চি নিবাস ৰাওৱে এক প্রেছ বিজ্ঞপ্তিৰ জৰিয়তে জানিবলৈ দিয়া অনুসৰি বঁটাপ্রাপকসকলক ৫০ হাজাৰ টকাৰ লগতে তাম্রফলক আৰু প্রশস্তি পত্রৰে চলিত বর্ষত অনুষ্ঠিত বিশেষ সমাৰোহত আনুষ্ঠানিকভাৱে সন্মানিত কৰা হ’ব৷