সাহিত্য অকাডেমি বঁটাৰে সন্মানিত হোৱাৰ পিছত কি ক’লে ড০ জয়শ্রী গোস্বামী মহন্তই ?
নিয়মীয়া বাৰ্তা, ১৯ ডিচেম্বৰঃ চলিত বৰ্ষৰ সন্মানীয় সাহিত্য অকাডেমি বঁটাৰে সন্মানিত কৰা হ’ল ৰাজ্যৰ দুগৰাকী বিশিষ্ট কবি-সাহিত্যিকক । সাহিত্যিক ড০ জয়শ্রী গোস্বামী মহন্ত আৰু কবি ড০ ফুকন বসুমতাৰীলৈ সাহিত্য অকাডেমিয়ে আগবঢ়াইছে এই সন্মান ।
ইপিনে এই বঁটা ঘোষণাৰ পাছতে প্রতিক্রিয়া প্রকাশ কৰি সাহিত্যিক ড০ গোস্বামীয়ে কয়– ‘চাণক্য লিখাৰ সময়ত যথেষ্ট কষ্ট কৰিছোঁ ৷ যথেষ্ট গৱেষণাও কৰিছোঁ ৷ বিশেষকৈ সেই সময়ৰ কূটনীতি–ৰাজনীতি আদিৰ বিষয়ে অধ্যয়ন কৰিছিলোঁ ৷ চাণক্য হৈছে অত্যাচাৰী শাসকৰ বিৰুদ্ধে সাধাৰণ প্রজাৰ বিদ্রোহৰ এক কাহিনী ৷ অত্যাচাৰী শাসক প্রজাৰ বিদ্রোহত ধূলিসাৎ হ’ল আৰু এদিন সুশাসন প্রৱর্তন হ’ল ৷ আজিৰ সময়ৰ সৈতে চাণক্যৰ যথেষ্ট মিল আছে ৷ এই দুর্দিনৰ বতৰত অসমীয়া সাহিত্যই স্বীকৃতি পাইছে ৷ কিন্তু ইয়াক লৈ যিমান আনন্দ উপভোগ কৰিব লাগিছিল, সেই আনন্দ ল’ব পৰা নাই ৷’
আনহাতে এই বঁটাৰ লগত লাভ কৰিবলগীয়া ধন শ্বহীদ নির্যাতিতৰ পৰিয়ালক প্রদান কৰিব বুলি ড০ গোস্বামীয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰে ৷