নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাহিত্য সভাৰ অধিৱেশন নে মীনা বজাৰ!

নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ অসম সাহিত্য সভাই পূৰ্বৰ গৌৰৱ হেৰুৱাইছে নেকি? পূৰ্বৰ মৰ্যাদা অটুট আছে নে সাহিত্য সভাৰ এয়া এক প্ৰশ্নবোধক। সভাৰ নিৰ্বাচনকে ধৰি  ভিন্ন সময়ত বিভিন্ন বিষয় লৈ সাহিত্য সভা বিতৰ্কৰ মাজত সোমাই পৰাটো সকলোৰে জ্ঞাত। শুৱালকুছিত অনুষ্ঠিত হোৱা সাহিত্য সভাৰ পঞ্চসপ্ততিতম অধিৱেশনো বিতৰ্কৰ মাজত সোমাই পৰিছে। সাহিত্যসভাৰ স্মৃতিগ্ৰন্থত ভুল হৈ ৰৈছে বহু বানান। অসমীয়া ভাষাৰ উন্নতিৰ বাবে অহৰ্নিশে চেষ্টা কৰি অহা সাহিত্য সভাৰ এনে কাণ্ড কিমান গ্ৰহণযোগ্য সেয়া বিচাৰ্য বিষয়। কিন্তু এইবাৰ আন এক বিতৰ্কত সাঙুৰ খাইছে সাহিত্য সভা।

                অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম অধিৱেশন থলী পৰ্যবসিত হ’ল মীনা বজাৰলৈ। অধিবেশনৰ বাকৰিত অবাঞ্চিত দৃশ্য। সভাৰ বাকৰিত মীনা বজাৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। সভাত জনতাৰ ভিৰ নাই কিন্তু মেলাত জনতাৰ অনাকাংক্ষিত ভিৰ। সভাৰ মঞ্চৰ বিপৰীতে বাণিজ্য মেলা, আনন্দ মেলাতহে মানুহৰ ভিৰ। এতিয়া সকলোৰে প্ৰশ্ন এয়া সাহিত্য সভা নে মেলাৰূপী মীনা বজাৰ।