নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনলৈ ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দঃ প্ৰস্তুতি তুংগত

নিয়মীয়া বার্তা, ২৫ জানুৱাৰীঃ অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনলৈ মাত্র ৫ দিন বাকী ৷ যুদ্ধগতিত চলিছে অধিৱেশনৰ কাম–কাজ ৷ ২৮ জানুৱাৰীৰ ভিতৰত অধিৱেশনস্থলীত নির্মাণকার্য সম্পূর্ণ হ’ব বুলি আদৰণী সমিতিৰ যুটীয়া সম্পাদক মৃণাল দাসে জানিবলৈ দিছে৷ পেণ্ডেল আৰু ষ্টলসমূহৰ নির্মাণকার্য দিনে–নিশাই চলি আছে ৷ প্রায় ৮০ শতাংশ সমাপ্ত হৈছে ৷ শুৱালকুছি জ্যোতি ক্ষেত্রৰ পূব দিশত (হাইস্কুল পথাৰ) অনুষ্ঠিত হ’ব বাণিজ্য মেলা ৷ কলিতা মন্দিৰ পথাৰত হ’ব নামঘৰ, মাজতোল পথাৰত হ’ব সাহিত্যানুষ্ঠান, সংগীত, গান্ধী মণ্ডপ পথাৰত হ’ব প্রদর্শনী, শংকৰ ক্ষেত্রত হ’ব গ্রন্থমেলা আৰু পশ্চিম দিশৰ পথাৰত হ’ব মূল মণ্ডপ, পতাকা উত্তোলন, শ্বহীদ স্মৃতি, সাংস্কৃতিক অনুষ্ঠান আদি৷ মূল মণ্ডপৰ কাম প্রায় সমাপ্তিৰ দিশত৷ পতাকা উত্তোলন আৰু শ্বহীদ বেদীৰো নির্মাণ সমাপ্তিৰ পথত৷ গ্রন্থমেলাৰ দুশখন বিপণীৰ কার্য প্রায় সম্পূর্ণ হৈছে ৷

বাট–পথ, বিদ্যুৎ, পানী আদিৰ কামো ৯০ শতাংশ সমাপ্ত হৈছে ৷ শিবিৰসমূহো সম্পূর্ণ হোৱাৰ দিশত আগবাঢ়িছে৷ শুৱালকুছিৰ ২২–২৫খন শিক্ষানুষ্ঠান শিবিৰৰ বাবে সাজু কৰা হৈছে ৷ স্বেচ্ছাসেৱক উপ–সমিতিয়ে প্রায় ২,৫০০ স্বেচ্ছাসেৱকক প্রশিক্ষণ দিছে, যাতে প্রতিটো দিশতে তীক্ষ্ম দৃষ্টি ৰাখি সকলোকে সহযোগিতা আগবঢ়াব পাৰে৷ প্রতিনিধি, দর্শক প্রতিনিধি, অথবা অধিৱেশনলৈ দর্শনৰ বাবে অহা কোনো প্রতিনিধিয়ে যাতে কোনো অসুবিধা নাপায়, তাৰ প্রতি সজাগ হ’বলৈ উপ–সমিতিয়ে স্বেচ্ছাসেৱকসকলক সজাগ কৰি দিছে৷ আনহাতে, অধিৱেশনৰ শোভাযাত্রাত থাকিব ১৪খন ৰথ৷ ইয়াৰে এখনত নৱনির্বাচিত সভাপতি থকাৰ লগতে আন ১৩খনত থাকিব বিভিন্ন প্রতীকী৷ সাংস্কৃতিক মঞ্চত জুবিন গার্গকে ধৰি কেইবাজনো বিশিষ্ট শিল্পীয়ে গীত পৰিৱেশন কৰিব৷ অধিৱেশনস্থলীলৈকে আহিব পৰাকৈ থাকিব জাহাজ৷ গুৱাহাটী আৰু পলাশবাৰীৰ পৰা চলিব জাহাজ৷ সকলো ঠিকে থাকিলে শুৱালকুছি অধিৱেশন এক মাইলৰ খুঁটি হোৱাটো নিশ্চিত৷ উল্লেখ্য যে ৩ ফেব্রুৱাৰীত ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দ শুৱালকুছি অধিৱেশনলৈ আহিব৷ অধিৱেশন উপলক্ষে প্রকাশ পাবলগীয়া স্মৃতিগ্রন্থ ‘শুৱালকুছি জ্যোতি’ৰ কাম সম্পূর্ণ হৈছে আৰু নির্ধাৰিত দিনতে উন্মোচন হ’ব ৷

You might also like