নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাৰদা কেলেংকাৰিৰ ফাইল হৰলুকীঃ হাইক’র্টে খাৰিজ কৰিলে দুলাল বৰাৰ আবেদন

নিয়মীয়া বাৰ্তা, ২ মার্চঃ তথ্য জনাৰ অধিকাৰ আইনৰ (আৰ টি আই) অধীনত আবেদন কৰি লাভ কৰা তথ্যৰে ব্লেকমেইলিং কৰাৰ অভিযোগত ৰঙাঘৰৰ আলহী হোৱা দুলাল বৰাৰ এখন ৰাজহুৱা স্বার্থজড়িত আবেদন খাৰিজ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ সাৰদা কেলেংকাৰিৰ ফাইল হৰলুকীৰ অভিযোগ তুলি তথা ইয়াৰ চি বি আই তদন্ত বিচাৰি বৰাই দাখিল কৰা ২৯/২০১৯ নম্বৰৰ ৰাজহুৱা স্বার্থজড়িত আবেদনখন খাৰিজ কৰে মুখ্য ন্যায়াধীশ অজয় লাম্বা আৰু ন্যায়াধীশ সৌমিত্র শইকীয়াৰ খণ্ড বিচাৰপীঠে ৷ বৰাৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ তথ্য আৰু অভিযোগৰ বিষয়ে অৱগত হোৱাৰ পাছতে ক্ষুব্ধ হৈ উচ্চ ন্যায়ালয়ে তাৎক্ষণিকভাৱে আবেদনখন খাৰিজ কৰে ৷ ৰাজ্য চৰকাৰে উচ্চ ন্যায়ালয়ৰ মজিয়াত দাখিল কৰা তথ্য অনুসৰি সম্প্রতি তথাকথিত আৰ টি আই কর্মী দুলাল কৰাৰ বিৰুদ্ধে চি আই ডিসহ বিভিন্ন আৰক্ষী থানাত ৰুজু হৈছে মুঠ ৮টা গোচৰ ৷ ইয়াৰে চি আই ডিত ভাৰতীয় দণ্ডবিধিৰ ২০(বি)/৫০০/৫০৬/৩৮৭ ধাৰাৰ অধীনত ৰুজু হৈ আছে ২৭/২০১৯ নম্বৰ গোচৰ৷ তদুপৰি হাতীগাঁও আৰক্ষী থানাত এটা, বশিষ্ঠ আৰক্ষী থানাত তিনিটা, ডিফু আৰক্ষী থানত এটা, কোকৰাঝাৰ আৰক্ষী থানাত এটা গোচৰ বৰাৰ বিৰুদ্ধে ৰুজু হৈ আছে৷ তদুপৰি জি আৰ গোচৰ নম্বৰ ২২৭১/২০২০ৰ আন এটা গোচৰত বৰাক গ্রেপ্তাৰ কৰা হৈছে৷ উল্লেখ্য যে সাৰদা কেলেংকাৰিৰ ফাইল হৰলুকী কৰাৰ অভিযোগেৰে কেইবাজনো শীর্ষ বিষয়াৰ বিৰুদ্ধে চি বি আই তদন্তৰ নির্দেশ দিয়াৰ প্রার্থনাৰে বৰাই ৰাজহুৱা স্বার্থজড়িত আবেদনখন দাখিল কৰিছিল৷ এই গোচৰটোৰ শুনানি অব্যাহত থকাৰ সময়তে আৰ টি আই আবেদনৰ তথ্যৰ আধাৰত একাংশ ব্যক্তিক ব্লেকমেইলিং কৰাৰ অভিযোগত বৰাক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে৷ সমান্তৰালভাৱে ৰাজ্য চৰকাৰৰ অধিবক্তাই বৰাৰ এই কু–কর্মৰ বিষয়ে উচ্চ ন্যায়ালয়ক অৱগত কৰে ৷ লগে লগে উচ্চ ন্যায়ালয়ে বৰাৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহৰ তথ্য শপতনামাযোগে দাখিলৰ নির্দেশ দিয়ে৷ বৰাৰ বিৰুদ্ধে ৰুজু হৈ থকা গোচৰৰ তথ্য লাভ কৰাৰ পাছত ন্যায়ালয়ে মত পোষণ কৰে যে আৰ টি আইক তেওঁ অনৈতিকভাৱে ব্যৱহাৰ কৰি আহিছে ৷ যাৰ বাবে বৰাৰ আবেদনৰ প্রতি সঁহাৰি প্রদানৰ পৰিৱেশ ন্যায়ালয়ে অনুভৱ কৰা নাই বুলিও প্রকাশ কৰে ৷

You might also like