সোমবাৰে বন্ধ থাকিব ৰাজ্যৰ সকলো দোকান-পোহাৰ
নিয়মীয়া বাৰ্তা, ২১ মাৰ্চঃ দেশজুৰি কৰ’ণা ভাইৰাছৰ আতংক। অসমত বৰ্তমানলৈ কোনো লোক আক্ৰান্ত হোৱা নাই যদিও সকলো ৰাইজকে সচেতন হোৱাৰ আহ্বান। দেওবাৰে প্ৰধানমন্ত্ৰীয়ে আহ্ৱান কৰা জনতা কাৰ্ফিউৰ পিছত সোমবাৰে বন্ধ থাকিব ৰাজ্যৰ সকলো দোকান-পোহাৰ। কৰ’ণা ভাইৰাছৰ আতংকৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চেম্বাৰছ অব কৰ্মাছে।