স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ চিত্ৰ অংকন কৰি শ্ৰদ্ধা জ্ঞাপন এজন যুৱকৰ
নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিলঃ দিন-ৰাতি একাকাৰ কৰিছে মানুহজনে। পুৱা যদি লখিমপুৰত বিয়লি আকৌ বৰপেটাত। নিশা এপৰত যদি গোৱালপাৰত আকৌ ঘূৰি আহিছে সোণাপুৰলৈ… মাথোঁ মানুহজন দৌৰিছে। কষ্ট কৰিছে জনতাৰ স্বাৰ্থত। সন্মুখত ক’ৰোনাৰ বিপদ ! এই বিপদৰ পৰা অজস্ৰজনক ৰক্ষাৰ কৰিবলৈ প্ৰাণটাকি কষ্ট কৰিছে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। এই জটিল সন্ধিক্ষণত সকলো চিকিৎসক নাৰ্চক মনোবল বৃদ্ধি কৰিবলৈও চেষ্টা কৰিছে মন্ত্ৰীগৰাকীয়ে।
ইপিনে ক’ৰোনাৰ সৈতে হোৱা যুদ্ধত দিন ৰাতি একাকাৰ কৰি ৰাইজৰ সেৱা কৰা স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ শ্ৰদ্ধা জ্ঞাপন কৰিছে এজন যুৱকে । মাকুমৰ মনজিৎ কাশ্যপ নামৰ যুৱকজনে জ্বলী থকা জুইৰে ড০ হিমন্ত বিশ্ব শৰ্মাৰ চিত্ৰ অংকন কৰি শ্ৰদ্ধা জ্ঞাপন কৰে ।