নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চঃ ক’ৰোনা ভাইৰাছৰ ভয়াৱহতা আৰু সংক্ৰমণে এতিয়া কঁপাই তুলিছে সমগ্ৰ ভাৰতবৰ্ষ । ভাৰতবৰ্ষত ভয়াৱহ হাৰত ক’ৰোনা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে বৰ্তমানলৈকে মৃত্যু হৈছে ১২ জনকৈ লোকৰ । ক’ৰোনা প্ৰতিৰোধৰ বাবে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে গ্ৰহণ কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত । স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিখন মেডিকেল কলেজ হাস্পতাল পৰিদৰ্শন কৰি যাৱতীয় প্ৰয়োজন সমূহৰ বুজ লোৱাৰ মাজতে সৰুসজাইত এক অস্থায়ী স্বাস্থ্যকেন্দ্ৰ গঢ়ি তোলাৰ কথা উল্লেখ কৰে ।
বৃহস্পতিবাৰে পুৱাই মন্ত্ৰীগৰাকী উপস্থিত হয় সৰুসজাই ক্ৰীড়া প্ৰকল্পত । সংক্ৰমিত লোকক পৃথকে ৰখাৰ বাবে সৰুসজাই ক্ৰীড়া প্ৰকল্পত চলোৱা হৈছে সকলোধৰণৰ প্ৰস্তুতি । প্ৰায় ৭০০ গৰাকী লোক থাকিব পৰা এই কেন্দ্ৰত ৰোগীৰ সকলো ব্যয় বহন কৰিব ৰাজ্যৰ স্বাস্থ্য বিভাগে ।
এসপ্তাহৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব লগা এই কেন্দ্ৰটো পৰিদৰ্শন কৰি বৃহস্পতিবাৰে সকলো যাৱতীয় আৰু প্ৰয়োজনীয় ব্যৱস্থা সম্পৰ্কে বুজ লয় মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।