সৰ্বশিক্ষাৰ অধীনৰ শিক্ষকৰ কাৰ্যকাল ৬০ বছৰলৈ বৃদ্ধি
নিয়মীয়া বাৰ্তা, ৭জুনঃ সৰ্বশিক্ষাৰ অধীনত ২৯,৭০১জন টেট শিক্ষকে কাম কৰে। চৰকাৰী শিক্ষকৰ সমহাৰত পায় যদিও বাকী চৰকাৰী সা-সুবিধা পোৱা নাছিল এই শিক্ষকসকলে। এই শিক্ষকসকলৰো কাৰ্যকাল বাহাল থাকিব ৬০বছৰলৈ। তেওঁলোকৰ দৰমহা চৰকাৰী কৰ্মচাৰীৰ সমানেই বৃদ্ধি কৰা হ’ব। DA/DR এলাউঞ্চ পাব। CLকে ধৰি মেটাৰনিটী লিভ পাব কৰ্মচাৰীসকলে।বেংক লোণ ল’ব বিচাৰিলেও পাব এই শিক্ষকসকলে। চৰকাৰী শিক্ষক আৰু সৰ্বশিক্ষাৰ অধীনত শিক্ষসকলৰ কোনো পাৰ্থক্য নাথাকিব।
আনহাতে ৰাজ্যৰ ১১,২০৬গৰাকী শিক্ষকলৈও সু-খবৰ। এই শিক্ষসকলে লাভ কৰিছিল এটা মাননি। ৰাজ্য চৰকাৰৰ কেবিনেটৰ সিদ্ধান্ত মৰ্মে এই শিক্ষকসকলেও ১জুনৰ পৰা চৰকাৰী কৰ্মচাৰীৰ সমানে লাভ কৰিব দৰমহা। ৬০ বছৰলৈ বৃদ্ধি শিক্ষকসকলৰ কাৰ্যকাল। বেংকৰ পৰা লোণ ল’বলৈও কোনো অসুবিধা নাপাব শিক্ষকসকলে।
হাইস্কুলৰ ঠিকাভিত্তিক শিক্ষাসকলেও পাব নিয়মীয়া শিক্ষকৰ সমহাৰত দৰমহা। চৰকাৰী শিক্ষকৰ সমানেই পাব সকলো সুবিধা। আন কৰ্মচাৰীয়ে যেনেকৈ কোষাগাৰৰ পৰা দৰমহা পায় ঠিক তেনেদৰেই এই শিক্ষকলকে কোষাগাৰৰ পৰা পাব দৰমহা।
কোনো শিক্ষকৰ পৰিয়ালৰ কোনো লোক ৰোগত আক্ৰান্ত হ’লে বছৰি ৫লাখ টকালৈ পাব মেডিকেলৰ সুবিধা। সংবাদমেলত এই ঘোষণা কৰে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।