হাইক’ৰ্টৰ মজিয়া পালে গৰুৰ চোৰাং বেহা
চিবিআইৰ তদন্ত বিচাৰি ধ্যান ফাউণ্ডেচনৰ ৰাজহুৱা স্বার্থজড়িত আবেদন
নিয়মীয়া বাৰ্তা, ৫ মার্চঃ ৰাজ্যত অব্যাহত থকা গৰুৰ চোৰাং বেহাৰ চি বি আই তদন্তৰ নির্দেশ দিয়াৰ প্রার্থনাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছে ৰাজহুৱা স্বার্থজড়িত আবেদন ৷ শেহতীয়াকৈ ৰঙিয়াত ৬৯০টা গৰু–ম’হ জব্দ কৰাৰ প্রসংগৰে ধ্যান ফাউণ্ডেচন নামৰ এটা সংগঠনে উচ্চ ন্যায়ালয়ত ৰুজু কৰিছে এই গোচৰ ৷ ২৩/২০২০ নম্বৰৰ ৰাজহুৱা স্বার্থজড়িত গোচৰৰ শুনানি গ্রহণ কৰি মুখ্য ন্যায়াধীশ অজয় লাম্বা আৰু ন্যায়াধীশ সৌমিত্র শইকীয়াৰ খণ্ড বিচাৰপীঠে পৰিবহণ বিভাগ, পশুপালন আৰু পশু চিকিৎসা বিভাগলৈ জাননী জাৰি কৰে ৷
উল্লেখ্য যে ৰাজহুৱা স্বার্থজড়িত আবেদনখনৰ জৰিয়তে আবেদনকাৰী ৰঙিয়াত যোৱা ২৫ ফেব্রুৱাৰীত এছ এছ বিয়ে ৬৯০টা গৰু–ম’হ কঢ়িয়াই অনা ২১খন ট্রাক জব্দ কৰাৰ বিষয়টো দৃষ্টিগোচৰ কৰে আদালতৰ ৷ জব্দ কৰা সময়ত এই গৰু–ম’হসমূহ ক্রয়ৰ কোনো বৈধ নথিপত্র প্রদর্শন কৰিব পৰা নাছিল ৷ আনকি অতি নির্মমভাৱে আৰু শোচনীয় পৰিস্থিতিৰে গৰু–ম’হসমূহ পৰিবহণ কৰা সন্দর্ভতো আদালতৰ দৃষ্টি আকর্ষণ কৰে ৷ জব্দ কৰা গৰু–ম’হসমূহ সম্প্রতি অতি বেয়া পৰিৱেশত ৰখাৰ বাবে ২৪টা গো–ধন নিধন হোৱা বুলিও উল্লেখ কৰা হৈছে ৷
আবেদনখনত উল্লেখ কৰা অনুসৰি প্রতিদিনে বৃহৎ পৰিমাণৰ গৰু–ম’হ চোৰাংভাৱে বাংলাদেশ আৰু ম্যানমাৰলৈ চালান দিয়া হয় ৷ সেয়েহে এই চোৰাং বেহা ৰোধৰ লগতে পশু কল্যাণ আইন জীৱ–জন্তুৰ পৰিবহণ বিধি, জীৱ–জন্তুৰ প্রতি নিষ্ঠুৰতা প্রতিৰোধ বিধি আদি কার্যকৰী কৰিবলৈ নির্দেশ দিয়াৰ প্রার্থনাৰে এই আবেদনখন দাখিল কৰা হৈছে ৷