নিয়মীয়া বার্তা, ২৬ ফেব্রুৱাৰীঃ চলিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মঙলবাৰে অনুষ্ঠিত গণিত বিষয়ৰ প্রশ্ন কাকতত সন্নিৱিষ্ট দুটাকৈ বিভ্রান্তিকৰ প্রশ্নই পৰীক্ষার্থীসকলক বিপাঙত পেলোৱাৰ অভিযোগ উঠিছে ৷ উল্লেখ্য যে ২০২০ বর্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ইতিমধ্যে ৪টা বিষয় সুকলমে সম্পন্ন হোৱাৰ পাছতে মঙলবাৰে গণিত বিষয়ৰ পৰীক্ষাৰ প্রশ্ন কাকতত বিসংগতি ধৰা পৰিছে ৷ মঙলবাৰে অনুষ্ঠিত হৈ যোৱা গণিত বিষয়ৰ ৩৮ নম্বৰ প্রশ্নত ‘তলৰ তথ্যৰ মধ্যমা হ’ল ৫২৫ ৷ x আৰুyৰ মান উলিওৱা যদি মুঠ বাৰংবাৰতা ১০০’৷ এই প্রশ্নৰ তালিকাত দুটাকৈ কলমত সংখ্যাৰ ক্রম পুনৰাবৃত্তি হৈছে, যিটোয়ে পৰীক্ষার্থীসকলক বিপাঙত পেলোৱাই নহয় শংকিতও কৰি তোলে ৷
একাংশ পৰীক্ষার্থীৰ অভিযোগ অনুসৰি প্রশ্ন কাকতখনৰ মুঠ ৯০ নম্বৰৰ ভিতৰত ৮৫ নম্বৰৰ প্রশ্নোত্তৰ দুঘণ্টাৰ ভিতৰত সম্পূর্ণ কৰাৰ বিপৰীতে ৩৮ নম্বৰৰ প্রশ্নটোৰ উত্তৰ উলিয়াবৰ বাবে ১ ঘণ্টা সময় খৰচ কৰাৰ পাছতো শুদ্ধকৈ কৰিব নোৱাৰাৰ ফলত সম্পূর্ণ নম্বৰ প্রাপ্তিৰ পৰা বঞ্চিত হোৱাৰ আশংকাত ভুগিব লগা হৈছে ৷ কিছু কিছু পৰীক্ষার্থীয়ে বিসংগতিপূর্ণ প্রশ্নটোৰ উত্তৰ নকৰাৰ খবৰো পোৱা গৈছে ৷ একেদৰে গণিত বিষয়ৰ পৰীক্ষাত অসমীয়া মাধ্যমৰ ছাত্র–ছাত্রীসকলে আন এটা প্রশ্নক লৈ সমস্যাত পৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ কাকতখনৰ ১৩ নম্বৰ প্রশ্নত ইংৰাজী, হিন্দী আৰু বেংগলী মাধ্যমৰ পৰীক্ষার্থীৰ স’তে অসমীয়া মাধ্যমৰ পৰীক্ষার্থীৰ বাবে দিয়া প্রশ্নৰ মিল নাই ৷ উক্ত তিনিটা ভাষাত ‘সংখ্যা কেইটাৰ পূৰণফল, গ সা উ আৰু ল সা গু ৰ পূৰণফলৰ সমাননে’ বুলি প্রশ্ন কৰাৰ বিপৰীতে অসমীয়া মাধ্যমৰ ছাত্র–ছাত্রীক ‘সংখ্যা কেইটাৰ পূৰণফল, গ সা উ ৰ পূৰণফলৰ সমান হয়নে?’ বুলি প্রশ্ন কৰা হৈছে, য’ত ল সা গু শব্দটো সন্নিৱিষ্ট হোৱা নাই ৷ ফলত অসমীয়া মাধ্যমৰ পৰীক্ষার্থীৰ বাবে উক্ত প্রশ্নটো বুজি পোৱাত অসুবিধাৰ সন্মুখীন হোৱাৰ পৰিপ্রেক্ষিতত উক্ত প্রশ্নৰ বিপৰীতে ধার্য কৰা নম্বৰ প্রাপ্তিৰ পৰাও বঞ্চিত হ’ব লগা হৈছে ৷ ছেবাৰ এই ভুলৰ বাবে পৰীক্ষার্থীৰ লগতে অভিভাৱক সকলো স্বাভাৱিকতে চিন্তিত হৈ পৰিছে ৷