নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাই প্ৰফাইল সুন্দৰী প্ৰৱঞ্চক নিকিতা তিৱাৰীক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ১৮ ফেব্রুৱাৰী ঃ মিঠা ছলাহী কথাৰে বিভিন্ন লোকক জালত
পেলাই ভিন্ন কৌশলেৰে ধন সৰকোৱাটোৱে পেছা আছিল ৰিহাবাৰীৰ নিকিতা তিৱাৰী
(২৬) নামৰ সুন্দৰী যুৱতীগৰাকীৰ৷ শেহতীয়াকৈ কালি ভঙাগড় আৰক্ষী থানাই
হাইপ্রফাইল প্রৱঞ্চক তিৱাৰীক গ্রেপ্তাৰ কৰাৰ পাছতেই প্রৱঞ্চনাৰ গোপন
অধ্যায়বোৰ খোল খাবলৈ ধৰিছে৷ নিকিতাৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে এ বি
চিৰ পৰা ৰাজেশ মণ্ডল আৰু গীতানগৰৰ পৰা জ্যোতিস্মান লহকৰ নামৰ আন দুজন
সহযোগীকো গ্রেপ্তাৰ কৰে৷ ভঙাগড়ৰ এখন সুৰা বিপণীৰ পৰা কিছুদিন পূর্বে
নিকিতা আৰু তেওঁৰ দুই সহযোগীয়ে প্রায় ডেৰ লাখ টকাৰ সুৰা ক্রয় কৰিছিল৷
আৰক্ষী সূত্রই জনোৱা মতে আন এজন লোকৰ নামত সুৰাখিনি ক্রয় কৰি নিছিল
নিকিতাই৷ কিন্তু সুৰা বিপণীৰ স্বত্বাধিকাৰীয়ে উক্ত লোকজনক যোগাযোগ কৰাৰ
পাছতহে প্রৱঞ্চনাৰ তথ্য পোহৰলৈ আহিল৷ ইয়াৰ পাছতেই ঋষিৰাজ শইকীয়া নামৰ
সুৰা ব্যৱসায়ীজনে যোৱা ৭ ফেব্রুৱাৰীত ভঙাগড় আৰক্ষী থানাত গোচৰ দিয়ে৷
সেইমর্মে আৰক্ষীয়ে কালি ৰিহাবাৰীৰ পৰা নিকিতাক গ্রেপ্তাৰ কৰাৰ পাছতেই আন
দুই সহযোগী ৰাজেশ মণ্ডল আৰু জ্যোতিস্মান লহকৰো জালত পৰে৷ সূত্রটোৱে জনোৱা
মতে অকল সুৰাৰ জালিয়াতিৰ গোচৰেই নহয়, নিকিতা এণ্ড কোম্পানীৰ বিৰুদ্ধে
প্রায় ১১টা গোচৰ মহানগৰীৰ বিভিন্ন থানাত ৰুজু হৈ আছে৷ নিজকে ৰিয়েল
ইষ্টেটৰ ব্যৱসায়ী বুলি পৰিচয় দিয়া নিকিতাই বহু বছৰ ধৰি এই প্রৱঞ্চনাৰ
সৈতে জড়িত হৈ আছে৷ সুন্দৰ কথনভংগী আৰু চাল–চলনৰ লগতে সৌন্দর্যৰে মুগ্ধ
কৰি হাই প্রফাইল ব্যৱসায়ী তথা ধনী লোকৰ সৈতে প্রথমে বন্ধুত্ব আৰু তাৰ
পাছতেই মধুৰ সম্পর্ক গঢ়ি তোলে প্রৱঞ্চক নিকিতাই৷ ঘনিষ্ঠতাৰ সুযোগ লৈ
পৰৱর্তী পর্যায়ত ব্লেকমেইলিঙৰ দৰে পন্থা গ্রহণ কৰে নিকিতাই৷ আৰক্ষী
সূত্রটোৱে জনোৱা মতে নিকিতাৰ এই সমস্ত কাণ্ডত সহায় কৰে ৰাজেশ আৰু
জ্যোতিস্মান নামৰ যুৱকদ্বয়ে৷ ধনী–ভিজাত লোকৰ তালিকা সংগ্রহৰ পৰা সংযোগ
কৰালৈকে সকলোখিনি উক্ত দুয়োজনে কৰে৷ তাৰ বিনিময়ত প্রৱঞ্চনাৰে সৰকোৱা ধনৰ
কমিছন দুয়োৱে নিকিতাৰ পৰা লাভ কৰে৷ ইতিমধ্যে সুন্দৰী অনা–সমীয়া প্রৱঞ্চক
নিকিতাৰ জালত পৰি বহু লোকে নিজৰ ধন হেৰুৱাব লগা হৈছে৷ উল্লেখ্য যে অকল
প্রৱঞ্চনাই নহয়, বিভিন্ন চুৰি গোচৰতো নিকিতা জড়িত থকাৰ তথ্য প্রকাশ
পাইছে৷ পল্টন বজাৰ থানাত নিকিতাৰ বিৰুদ্ধে ম’বাইল চুৰিৰ গোচৰ ৰুজু হোৱাৰ
লগতে দিছপুৰ থানাতো জালিয়াতিৰ কেইবাটাও গোচৰ ৰুজু হৈ আছে৷ কিন্তু অতি
তাৎপর্যপূর্ণ কথাটো হ’ল যে দিছপুৰ, পল্টন বজাৰ থানাত কেইবাটাও গোচৰ ৰুজু
হৈ থকাৰ পাছতো মহানগৰ আৰক্ষীয়ে বিচাৰি উলিয়াব পৰা নাছিল প্রৱঞ্চক
নিকিতাক৷ ধনী মানুহৰ লগতে সাধাৰণ মানুহৰ পৰাও বহু টকা ঘৰ দিম বুলি
আগতীয়াকৈ লৈও সময়ত ঘৰ দিয়া নাছিল নিকিতাই৷ ভঙাগড় থানাই ৪৩/২৩ নম্বৰত
গোচৰটো ৰুজু কৰি আজি তিনিওকে আদালতত হাজিৰ কৰায়৷ আদালতে তিনিওকে দুদিনৰ
আৰক্ষীৰ জিম্মালৈ প্রেৰণ কৰিছে৷

You might also like