নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চঃ বিগত ৩দিন ধৰি অসমৰ প্ৰায় ২৫০ গৰাকী যুৱক-যুৱতী আৱদ্ধ হৈ আছে কলকাতাৰ হাওৰা ষ্টেচনত। সুদূৰ মুম্বাইৰ পৰা কলকাতা হৈ অসমলৈ আহি থকা অৱস্থাতে যুৱক-যুৱতীসকলে জানিব পাৰিলে যে কলকাতাৰ পৰা সকলো ৰে’লসেৱা বাতিল কৰা হৈছে। ফলত অসমৰ শিলচৰ, ধেমাজি, তিনিচুকীয়া ডিব্ৰুগড়ৰ প্ৰায় ২৫০গৰাকী যুৱক-যুৱতী আৱদ্ধ হৈ পৰিল কলকাতাৰ হাওৰা ষ্টেচনত যোৱা ৩দিন ধৰি হাওৰা ষ্টেচনৰ প্লেটফৰ্মতে অনাহাৰে অনিদ্ৰাৰে পৰি ৰৈছে অসমৰ বহু যুৱক।কলকাতাৰ হাওৰা ষ্টেচনৰ পৰাই অসমৰ তিনিচুকীয়া জিলাৰ এজন যুৱকে কয় যে যোৱা ৩দিন ধৰি প্লেটফৰ্মত সামান্য খাদ্য খাই পৰি থকাৰ পিছত এদিন অসমৰ পঞ্জীয়নভুক্ত অসমৰ এখন গাড়ীত কেইজনমান বিষয়া আহি সামান্য বিস্কুট আৰু পানী দি যোৱাৰ পিছত কাৰোৰে খবৰ নাই। একেখন ৰে’লত অহা বিহাৰৰ যুৱকসকলক কিন্তু বিহাৰৰ গাড়ীয়ে নিজ ৰাজ্যলৈ নিয়াৰ ব্যৱস্থা কৰে। কিন্তু তেওঁলোকৰ খবৰ অসম চৰকাৰে এই পৰ্যন্ত লোৱা নাই বুলি সাংবাদিকৰ আগত ফোনযোগে মন্তব্য কৰে যুৱকজনে।বৰ্তমানে হাওৰা ষ্টেচনত তিলমাত্ৰ খাদ্যদ্ৰব্য নোহোৱা পুৱা শৌচাগাৰ যাবলৈকো নিদিয়াত এক অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হৱ লগা হৈছে। যুৱক-যুৱতীসকলে অতি শীঘ্ৰে অসম চৰকাৰক তেওঁলোকক উদ্ধাৰ কৰিবলৈ বিনম্ৰতাৰে অনুৰোধ জনাইছে।