নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনৰ বিৰুদ্ধে ১৫০০ লাখ কোটি টকাৰ জৰিমনা আমেৰিকাৰ

নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চঃ ক’ৰোনাৰ ভাইৰাছৰ তথ্য গোপন কৰিছিল চীনে । যাৰ ফলত সমগ্ৰ বিশ্ব আজি ত্ৰস্তমান হ’ব লগা হৈছে ক’ৰোনা ভাইৰাছক লৈ । চীনৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ তুলি মাৰ্কিন যুক্তৰাষ্ট্ৰ টেক্সাছ আদালতত ৰুজু কৰা হ’ল গোচৰ ।

চীনৰ ৰাষ্ট্ৰপতি, চৰকাৰ আৰু সেনাবাহিনীক অভিযুক্ত কৰা হৈছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ আদালতত । মুঠ ২০ ট্ৰিলিয়ন মাৰ্কিন ডলাৰ অৰ্থাৎ ভাৰতীয় মূল্যত প্ৰায় ১৫০০ লাখ কোটি টকাৰ জৰিমনাৰ দাবী কৰিছে আদালতে । চীনৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰিছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ বিখ্যাত আইনজীৱি লেৰি ক্লাইমেনে ।

ক্লাইমেনৰ অভিযোগ , জৈৱ ৰাসায়নিক মাৰণাস্ত্ৰ তৈয়াৰ কৰাৰ কাম কৰিছিল চীনে । য়ুহানৰ লেবত দীৰ্ঘদিন ধৰি এই ক’ৰোনা ভাইৰাছৰ ওপৰত গৱেষণা চলাইছিল চীনে । কিবা প্ৰকাৰে এই ভাইৰাছ বিয়পি পৰাৰ পাচতেই পৃথিৱীত এনে বিপদঘণ্টা বাজিছে ।

You might also like