নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাজোত সম্প্ৰীতিৰ বাৰ্তাৰে সভাগন্ধ উৎসৱ

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ তীৰ্থনগৰী হাজোৰ বামুন্দীত পৰম্পৰাগত সভাগন্ধ উৎসৱে ঐক্য আৰু সম্প্ৰীতিৰ এনাজৰীডাল সুদৃঢ় কৰি ৰাখিছে । দুশবছৰ পুৰণি এই সভাগন্ধ উৎসৱত এইবেলি সাত হাজাৰ অতিথিক সিধা দি আপ্যায়নৰ ব্যৱস্থা কৰিছে । সভাগন্ধ উৎসৱৰ সিধা গ্ৰহণৰ বাবে এতিয়া ঢপলিয়াই আহিছে দূৰ-দূৰণিৰ ভক্ত । এই সিধাৰ লগত দিছে চাউল , মিঠাতেল, খৰি, মা-মচলা, পাচলি আৰু একোটিকৈ মাছ । বামুন্দীৰ ৰাইজৰ ধৰ্মীয় আবেগ অনুভূতি জড়িত হৈ থকা এই সভাগন্ধ উৎসৱত অন্নদান কৰিলে পুণ্য হয় বুলি এক প্ৰবাদ আছে ।

প্ৰতিবছৰে মাঘ মাহৰ পাঁচ তাৰিখে এই সভাগন্ধ উৎসৱ বামুন্দীৰ গয়ৰহে অনুষ্ঠিত কৰি আহিছে । সোমবাৰে সন্ধিয়া আনুষ্ঠানিকভাৱে সভাগন্ধ উৎসৱ মুকলি কৰে অসম আৰক্ষীৰ ডি আই জি অৰবিন্দ কলিতাই ।

You might also like