নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হার্পাৰ কলিনছৰ পাঠ্যপুথিত ড০ পূর্ণিমা দেৱীৰ কর্মৰাজি

নিয়মীয়া বার্তা, ১০ মে’ : জলবায়ু পৰিৱর্তন, প্রাকৃতিক ভাৰসাম্যহীনতা আদিৰ লগতে জীৱশ্রেষ্ঠ মানুহৰ নির্দয়তাৰ বাবে আমাৰ চৌদিশে উমলি–জামলি থকা বিভিন্ন প্রজাতিৰ জীৱ–জন্তু, চৰাই–চিৰিকটিৰ জীৱন বিপন্ন হৈ পৰিছে ৷ এটা দশক পূর্বে চোতালে–পথাৰে উভৈনদী হৈ থকা সহজাত চৰাই–চিৰিকটিবিলাক আজি চিৰিয়াখানাতো উপলব্ধ নহয় ৷ ফলত দিনক দিনে ভয়ানক হাৰত প্রকৃতি প্রদূষিত হৈ পৰিছে ৷ বিলুপ্ত হৈছে বহু প্রজাতি ৷ মানুহে অহর্নিশে পক্ষীকুল বধৰ যজ্ঞত নামি পৰাৰ সময়তে কিন্তু আঙুলি মূৰত গণিব পৰাসংখ্যক মানুহে নিঃস্বার্থভাৱে কৰি গৈছে প্রকৃত মানুহৰ কাম ৷ নামি পৰিছে বিপন্ন জীৱনৰ উদ্ধাৰত ৷ ইয়াৰ এগৰাকী অক্লান্ত যুঁজাৰু হৈছে ড০ পূর্ণিমা দেৱী বর্মন, যিগৰাকী মহানুভৱীয়ে যত্ন আৰু মমতাময়ীৰ অনন্য আদর্শ দাঙি ধৰি অসমীয়া জাতিক গৌৰৱান্বিত কৰিছে ৷

আজি সমগ্র পৃথিৱীতে ‘হাড়গিলা বাইদেউ’ হিচাপে পৰিচিত ড০ পূর্ণিমা দেৱী বর্মনে প্রকৃতিপ্রেমী সংস্থা ‘আৰণ্যক’ৰ স’তে জড়িত হৈ বিগত এট দশক ধৰি সম্প্রতি বিলুপ্তিৰ পথত উপক্রম হোৱা হাড়গিলা চৰাইৰ শৃংখলাবদ্ধ সংৰক্ষণৰ ওপৰত গৱেষণা কৰি এই পক্ষীবিধৰ উদ্ধাৰত একাণপতীয়াকৈ নিয়োজিত হৈ আছে ৷ ‘আৰণ্যক’ৰ সহযোগত তেওঁ ইতিমধ্যে এই বিপন্নপ্রায় প্রাণীবিধ উদ্ধাৰৰ হকে বিভিন্ন পদক্ষেপ গ্রহণ কৰি আহিছে ৷ বিশেষকৈ কামৰূপ গ্রাম্য জিলাৰ দদৰা, পচৰীয়া, শিঙিমাৰী আদি অঞ্চলত হাড়গিলা সংৰক্ষণ আৰু উদ্ধাৰৰ বাবে নিয়োজিত হোৱাৰ লগতে মহিলাসকলক বিশেষভাৱে অনুপ্রাণিত কৰি আহিছে ৷ ড০ বর্মনে অকল বন্যপ্রাণী সংৰক্ষণতে ক্ষান্ত নাথাকি অঞ্চলটিত মহিলা সবলীকৰণৰ ওপৰতো বিশেষভাৱে জড়িত হৈ আহিছে ৷ আজিৰ তেওঁৰ নিৰৱচ্ছিন্ন প্রচেষ্টাৰ ফলতে দদৰা অঞ্চলত গঢ় লৈ উঠিছে প্রকৃতিক বচোৱাৰ এক নৱজাগৰণ ৷ এই নৱজাগৰণে স্পর্শ কৰিছে সমগ্র বিশ্বক ৷ ড০ পূর্ণিমা দেৱী বর্মনৰ কর্মক আন্তঃৰাষ্ট্রীয়ভাৱে স্বীকৃতি দি ইতিমধ্যে প্রদান কৰা হৈছে ‘গ্রীন অস্কাৰ’ আৰু ‘আর্থ হিৰোজ’ৰ দৰে সন্মানীয় বঁটা ৷

ইণ্ডিয়ানাপ’লিছৰ বাবেও মনোনয়ন লাভ কৰা ড০ বর্মনে বিপন্ন জীৱকুলৰ উদ্ধাৰ আৰু মহিলা সবলীকৰণৰ বাবে লোৱা বলিষ্ঠ পদক্ষেপৰ স্বীকৃতিস্বৰূপে ভাৰত চৰকাৰে প্রদান কৰা দেশৰ মহিলা বাবে সবাতোকৈ সন্মানীয় অসামৰিক সন্মান ‘নাৰী শক্তি পুৰস্কাৰ–২০১৭’ লাভ কৰিবলৈ সক্ষম হয় ৷ এইগৰাকী স্ব–মহিমামণ্ডিত নাৰীৰ কর্মৰাজি এইবাৰ সন্নিৱিষ্ট হৈছে সুকলীয়া পাঠ্যক্রমত ৷ বিশ্বৰ অন্যতম গ্রন্থ প্রকাশন সংস্থা ‘হার্পাৰ ক’লিন্ছ পাব্লিছার্ছ’ৰ শৈক্ষিক প্রকাশন শাখা ক’লিন্ছে ইংৰাজী পাঠ্যক্রমৰ বাবে যুগুত কৰি উলিয়াইছে ড০ বর্মনৰ কর্মৰাজি ৷ বিশ্বৰ বিভিন্ন দেশৰ ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠানৰ সপ্তম শ্রেণীৰ পাঠ্যপুথি হিচাপে গ্রহণ কৰা ‘ইংলিছ এলাইভ–৭’ নামৰ কিতাপখনত হাড়গিলা বাইদেডৰ কর্মৰাজিৰ বিষয়ে পাঠ হিচাপে সন্নিৱিষ্ট হোৱা খবৰে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ অসমৰো কেইবাখনো শিক্ষানুষ্ঠানতো পাঠ্যক্রমত অন্তর্ভুক্ত কৰা ডেনিয়েল টুমেই প্রস্তুত কৰা ‘বেক ফ্রম দ্য ব্রিংক’ নামৰ পাঁচ পৃষ্ঠাজোৰা এই পাঠটো সন্দর্ভত ড০ পূর্ণিমা দেৱী বর্মনে প্রকাশন সংস্থাটোলৈ আন্তৰিক ধন্যবাদ গ্রহণ কৰি কয় যে এই পাঠটোৰ জৰিয়তে শিক্ষাৰ্থীসকলে বিপদাপন্ন চৰাই হাড়গিলা সম্বন্ধে জ্ঞান লাভ কৰি চৰাইবিধ সংৰক্ষণৰ ওপৰত সজাগ হ’ব বুলি আশা কৰা হৈছে ৷

You might also like