নিয়মীয়া বাৰ্তা, ১৬ ফেব্রুৱাৰীঃ ৰাজ্যৰ বনজ সম্পদ ধ্বংস কৰি কোটি কোটি টকা আহৰণ কৰা বন বিষয়া অভিজিৎ ৰাভা বর্তমানো হাস্পতালত চিকিৎসাধীন হৈ থকাত ভালদৰে জেৰা কৰিব পৰা নাই তদাৰকী আৰু দুর্নীতি নিবাৰক শাখাই ৷ দুর্নীতি নিবাৰক শাখাৰ এক সূত্রই জনোৱা মতে, যোৱা ১০ ফেব্রুৱাৰীত দুর্নীতিগ্রস্ত আই এফ এছ বিষয়া অভিজিৎ ৰাভাক মহানগৰীৰ শ্রীমন্তপুৰত থকা তদাৰকী আৰু দুর্নীতি নিবাৰকৰ কার্যালয়ত হাজিৰ হ’বলৈ চমন জাৰি কৰা হৈছিল যদিও সিদিনাই তেওঁ অসুস্থতাৰ বাবে হাস্পতালত ভর্তি হয় ৷ মহানগৰীৰ ছানভেলী হাস্পতালত অভিজিৎ ৰাভা ভর্তি হোৱা বুলি পৰিয়ালৰ লোকে দুর্নীতি নিবাৰক শাখাক জনায় ৷
এনে প্রেক্ষাপটত দুর্নীতি নিবাৰক শাখাৰ এটা দলে হাস্পতালতে কেতবোৰ বিষয় সোধা–পোছা কৰিবলৈ যায় ৷ অৱশ্যে বন বিষয়া অসুস্থ হৈ থকা হেতু দলটোৱে তেওঁৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ সংক্রান্তত ভালদৰে সোধা–পোছা কৰিব নোৱাৰিলে ৷ সূত্রটোৱে জনোৱা মতে, বন বিষয়াজনৰ স্বাস্থ্য আৰু চিকিৎসা সম্পর্কীয় আনুষংগিক দুই–এটা কথা সুধিয়ে দলটো ঘূৰি আহে ৷ উল্লেখ্য যে বিগত দীর্ঘসময় ধৰি কার্বি আংলঙত খোপনি পুতি আয় বহির্ভূতভাৱে ৪.২২ কোটি টকা আহৰণ কৰাৰ অভিযোগত দুর্নীতি নিবাৰক শাখাত অভিজিৎ ৰাভাৰ বিৰুদ্ধে দুর্নীতি প্রতিৰোধ আইন, ১৯৮৮ৰ অধীনত ১৩(১)(বি)/১৩(২) ধাৰাত ১/২০২০ নম্বৰৰ এটা গোচৰ ৰুজু কৰিছে ৷ এই গোচৰত দুর্নীতি নিবাৰক শাখাই ৮ ফেব্রুৱাৰীত অভিজিৎ ৰাভাৰ কার্বি আংলঙৰ কার্যালয়, চৰকাৰী বাসগৃহ আৰু গুৱাহাটীৰ জু–ৰোড তিনিআলিৰ সমীপৰ পুষ্পা এপার্টমেণ্টৰ এটা ফ্লেটত তালাচী চলাইছিল ৷
দুর্নীতি নিবাৰক শাখাৰ তিনিটা দলে একে সময়তে অভিযান চলাই বেংক আৰু বীমা খণ্ডত ধন বিনিয়োগ কৰাৰ নথি–পত্র, ৫০টা ৱকী ট’কী আৰু প্রায় ৬ লাখ টকা জব্দ কৰিছিল৷ ২০১১ চনৰ পৰা ২০১৬ চনলৈ বন বিভাগৰ অতিৰিক্ত পি চি চি এফ হিচাপে ডিফুত কার্যনির্বাহ কৰি থকাৰ সময়ত ৪.১২ কোটি টকা আয় বহির্ভূতভাৱে আহৰণ কৰিছিল ৷ ডিফুৰ এইচ ডি এফ চি বেংকৰ শাখা আৰু গুৱাহাটীৰ এক্সিছ বেংকত থকা একাউণ্টত ২০১১ চনৰ পৰা ২০১৭ চনলৈ বৃহৎ পৰিমাণৰ ধনৰাশি জমা ৰাখিছিল বন বিষয়াজনে৷ আয়ৰ বিপৰীতে সামঞ্জস্যহীনভাৱে ধন আহৰণ কৰা সংক্রান্তত সোধা–পোছা কৰাৰ বাবে অভিজিৎ ৰাভাক দুর্নীতি নিবাৰক শাখাৰ কার্যালয়ত হাজিৰ হ’বলৈ চমন জাৰি কৰিছিল৷ কিন্তু অসুস্থতাৰ বাবে হাস্পতালত ভর্তি হৈ থকাত তদন্তকাৰী বিষয়াই দুর্নীতিগ্রস্ত বন বিষয়াজনক জেৰা কৰিব পৰা নাই৷ সুস্থ হোৱাৰ পাছত বন বিষয়াজনক দুর্নীতি নিবাৰক শাখাই জেৰা কৰিব বুলি সূত্রটোত প্রকাশ ৷