নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাস্পতালৰ পৰা পোনে পোনে মুম্বাইলৈ ৰাওনা জুবিন গাৰ্গ

নিয়মীয়া বাৰ্তা, ৮ মাৰ্চঃ চিকিৎসালয় এৰিলে জুবিন গাৰ্গে। ২৭ ফেব্ৰুৱাৰীত হঠাৎ অসুস্থ হৈ পৰা জুবিন চিকিৎসাধীন হৈ আছিল গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত। কিন্তু আজি জুবিনক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়ে হাস্পতাল কৰ্তৃপক্ষই।

       অতিমাত্ৰা পৰিশ্ৰম আৰু কষ্ট কৰাৰ ফলত ভাগৰুৱা হৈ পৰিছিল জুবিন। ঔষধতকৈ জুবিনক প্ৰয়োজন পৰ্যাপ্ত পৰিমাণৰ জিৰণিৰ। আজি চিকিৎসালয়ৰ পৰা ওলাই জুবিনসহ পত্নী মুম্ৱাই অভিমুখে ৰাওনা হয়। যিহেতু মহনগৰীত থাকিলে খেয়ালী মনৰ জুবিন ব্যস্ত হৈ পৰে বিভিন্ন কামত অথবা তেখেতৰ অনুৰাগীসকলো ব্যস্ত হৈ পৰে আৰু জিৰণি লোৱাত কিছু অসুবিধাৰ সৃষ্টি হয়। গতিকে মুম্বাইত থাকিয়েই পৰৱৰ্তী পৰিকল্পানৰ কৰাৰ লগতে জিৰণি লোৱাত কিছু সময় পাব বুলিও আশা প্ৰকাশ কৰিছে জুবিন অনুৰাগীয়ে।

You might also like