নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

MV মহাবাহুৰ কৰ্মচাৰীৰ দেহত নাই ক’ৰোনা ভাইৰাছ

নিয়মীয়া বাৰ্তা, ৮ মাৰ্চঃ সমগ্ৰ বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা ক’ৰোনা ভাইৰাছৰ আতংকই বিৰাজ কৰিছে অসমত । বিশেষকৈ আমেৰিকাৰ এজন পৰ্যটকে অসম ভ্ৰমণ কি ভূটানলৈ যোৱাৰ পাচতেই তেওঁৰ শৰীৰত ক’ৰোনা পজিটিভ বুলি পোহৰলৈ আহে । এই খবৰ পোহৰলৈ অহাৰ পাচতেই পৰ্যটকজনে ভ্ৰমণ কৰা প্ৰতিটো অঞ্চল, হোটেলৰ লগতে সকলোতে গঢ়ি তোলা হৈছে স্বাস্থ্য পৰীক্ষা ।

ইপিনে যিখন এমভি মহাবাহু জাহাজেৰে পৰ্যটকজন মাজুলীৰ পৰা গুৱাহাটীলৈ আহিছিল সেইখন জাহাজৰ ২৯ গৰাকী কৰ্মচাৰীক আছুতীয়াকৈ ৰাখি স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছিল । কিন্তু বৰ্তমান সেইসকল এম ভি মহাবাহুৰ কৰ্মচাৰীৰ দেহত পোৱা নাই কৰ’ণা ভাইৰাছ । যোৰহাটৰ এদল চিকিৎসকে শনিবাৰৰে পৰা চলোৱা পৰীক্ষা নিৰীক্ষাৰ অন্তত এই তথ্য প্ৰকাশ কৰিছে ।

You might also like