নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হেলিপেডৰ পৰা ১০০ বড়ো যুৱতীয়ে বাগৰুম্বাৰে মোদীক আদৰিব মঞ্চলৈ

নিয়মীয়া বাৰ্তা, ৭ ফেব্ৰুৱাৰীঃ বড়ো চুক্তিৰ পাছত আজি কোকৰাঝাৰৰ চহৰৰ সমীপৰ বিশাল জাংখ্ৰিথাই পথাৰত অনুষ্ঠিত হ’বলগীয়া জনসভাক লৈ এতিয়া কোকৰাঝাৰত উথপথপ পৰিৱেশ । বড়ো চুক্তিৰ বিজয় উৎসৱত ভাগ লোৱাৰ উদ্দেশ্যে কালি বিয়লিৰ ভাগতে কোকৰাঝাৰত উপস্থিত হৈছে বহু দূৰ–দূৰণিৰ পৰা অহা কেইবাসহস্র লোক৷

ইতিমধ্যে কোকৰাঝাৰৰ লগতে চিৰাং, বঙাইগাঁও, গোৱালপাৰা, ধুবুৰী আদি কৰি কেইবাখনো জিলাৰ হোটেল, ল’জ আদিত আহি থিতাপি লৈছে জনসভাত অংশ ল’ব লগা বহু লোক৷ এক কথাত কোকৰাঝাৰত এতিয়া উৎসৱমুখৰ পৰিৱেশ৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আগমনৰ প্রাক্ক্ষণত সমগ্র কোকৰাঝাৰ চহৰ ৰং–বিৰঙি লাইটেৰে জিলিকাই তোলা হৈছে৷

আনহাতে, প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ বাবে জাংখ্রিথাই পথাৰৰ মূল মঞ্চৰ কাষতে হেলিপেড নির্মাণ কৰা হৈছে৷ এই বিশাল সভাখনত উপস্থিত থাকিব লগা আঠ লক্ষাধিক লোকৰ বাবে সুকীয়া সুকীয়াকৈ আসনৰ ব্যৱস্থাৰ লগতে কেইবাখনো গেটৰ ব্যৱস্থা কৰা হৈছে৷ বিশাল পথাৰখনত প্রধানমন্ত্রীৰ জনসভা শৃংখলাবদ্ধভাৱে চলাই নিবলৈ সাজু কৰি ৰখা হৈছে সাত সহস্রাধিক স্বেচ্ছাসেৱকৰ দল৷

জ্যেষ্ঠ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই জানিবলৈ দিয়া মতে, প্রধানমন্ত্রী ১২.৩৫ বজাত মূল মঞ্চৰ কাষৰ হেলিপেডত অৱতৰণ কৰিব৷ প্রধানমন্ত্রীগৰাকীক্ ১০০ গৰাকী বড়ো যুৱতীয়ে বাগৰুম্বা নৃত্যৰে মঞ্চলৈ আদৰি আনিব৷

তদুপৰি সভাখনত নিয়োজিত হৈছে আৰক্ষী আৰু অর্ধসামৰিক বাহিনীৰ কেইবাটাও কোম্পানী৷ কেইবাগৰাকীও আৰক্ষী বিষয়াই সমগ্র দিশ পর্যবেক্ষণ কৰি আছে৷

You might also like