নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাই আৰক্ষীৰ জালত পৰিল পশ্চিমবংগৰ ইৰানী গ্রুপৰ ৪ কুখ্যাত সদস্য

নিয়মীয়া বাৰ্তা ১৩ ফেব্ৰুৱাৰীঃ হোজাই চহৰত দিন–দুপৰতে ধন লুট কৰি ত্রাসৰ সৃষ্টি কৰা ইৰানী গেঙৰ তিনি সদস্য আৰক্ষীৰ জালত পৰিল৷ ৰে’ল নগৰী লামডিঙৰ হোটেলত বাহৰ পাতি থকা অৱস্থাত হোজাই আৰক্ষীয়ে গোপন সূত্রৰ পম খেদি গ্রেপ্তাৰ কৰে নিউ জলপাইগুৰিৰ কুখ্যাত ইৰানী সদস্যসকলক৷ বিগত কিছুদিন ধৰি হোজাই চহৰত সংঘটিত হৈ থকা ধন লুটৰ ঘটনাৰ লগত জডিত ধৃত এই গেং অফ থ্রী৷ হোজাই আৰক্ষীৰ জালত পৰে নিউ জলপাইগুৰিৰ ৰাজেশ গোৱালা ওৰফে পাপু, যুগ্ণো গোৱালা ওৰফে বিকি আৰু বিজয় গোৱালা ওৰফে ৰাজ৷ হোজাইত প্রায় পোন্ধৰ লাখৰো অধিক ধন লুটৰ ঘটনাৰ লগত জড়িত আছিল ধৃত এই তিনিজন লোক৷ বিগত সাত মাহ ধৰি হোজাইত সঘনাই ধন লুটৰ ঘটনা সংঘটিত কৰা এই তিনিজনে লামডিঙৰ এখন হোটেলত বাঁহৰ পাতি থকা অৱস্থাত হোজাই আৰক্ষীয়ে অভিযান চলাই গ্রেপ্তাৰ কৰে৷ বুধবাৰে এখন সংবাদ মেলত হোজাই জিলাৰ আৰক্ষী অধীক্ষক অংকুৰ জৈনে ধৃত ইৰানী গোটৰ সদস্যকেইটাৰ তথ্য ৰাজহুৱা কৰে৷ উল্লেখ্য যে এতিয়ালৈকে হোজাই আৰক্ষীয়ে (পূর্বতে) ইৰানী গ্রুপৰ চাৰি সদস্যক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে৷ইপিনে ধৃত কেইজনেও আৰক্ষীৰ লগতে সাংবাদিকৰ আগত এই ধন লুট কৰাৰ কথা স্বীকাৰ কৰে৷

You might also like