নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাই–বৰপেটাত ড্রাগ্ছসহ ৫ যুৱকক গ্রেপ্তাৰ

ৰে’ল নগৰী লামডিঙৰ পৰা নিয়ন্ত্রণ হয় নিচাযুক্ত সামগ্রীৰ অবাধ বেহা

নিয়মীয়া বাৰ্তা ১৭ ফেব্ৰুৱাৰীঃ হোজাইত সম্প্রতি ড্রাগছৰ এক বৃহৎ বজাৰ গঢ়ি উঠিছে৷ এই বজাৰখন ৰে’ল নগৰী লামডিঙৰ পৰা নিয়ন্ত্রিত হৈ থকাৰ তথ্য পোহৰলৈ আহিছে৷ দেওবাৰে হোজাই থানাৰ ভাৰপ্রাপ্ত বিষয়া গৌতম কুমাৰ, চহৰ পৰিদর্শক ঋতুপর্ণ গগৈয়ে গোপন সূত্রৰ পমখেদি হোজাইৰ বৰপুখুৰীৰ মৰিয়ম আজমল কলেজৰ সমীপৰ পৰা অভিযান চলাই প্রায় দহ লাখ টকাৰ নিষিদ্ধ ড্রাগছসহ দুজন যুৱকক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ হাতে–লোটে ধৰা পৰা যুৱক দুজন হ’ল বাবুল দে’ আৰু বাপ্পা দে’৷ আৰক্ষীয়ে ধৃত যুৱক দুজনৰ পৰা উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ নিষিদ্ধ টেবলেট৷ উদ্ধাৰ হোৱা টেবলেটৰ সঠিক মূল্য অনুমান কৰিব পৰা নাই যদিও ইয়াৰ মূল্য প্রায় দহ লাখ টকা হ’ব বুলি আৰক্ষীৰ সূত্রত প্রকাশ৷ ধৃত দুই ড্রাগছ সৰবৰাহকাৰী দুজনৰ ঘৰ দক্ষিণ লামডিঙত৷ এই ড্রাগছ গুৱাহাটীৰ পৰা সৰবৰাহ কৰি হোজাইৰ কোনো অঞ্চলত যোগান ধৰিবলৈ আনিছিল বুলি সন্দেহ কৰিছে৷ ধৃত দুই ড্রাগছ সৰবৰাহকাৰীৰ তথ্যৰ ভিত্তিত হোজাই জিলাৰ পৰা ড্রাগছৰ ঘাটি উচ্ছেদ কৰিব পৰা যাব বুলি আৰক্ষী অধীক্ষক অংকুৰ জৈনে হোজাই থানাত আয়োজিত এক সংবাদ মেলত মন্তব্য কৰে৷

You might also like