নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কামৰূপৰ শিঙিমাৰীৰ অপহৃত যুৱতীক দিছপুৰৰ লজৰ পৰা উদ্ধাৰ

বিশেষ বাৰ্তা, ১৪ জুনঃ শুৱালকুছিৰ চাৰি যুৱকে কামৰূপৰ শিঙিমাৰীৰ বৰচুবুৰিৰ এগৰাকী ২১ বছৰীয়া যুৱতীক অপহৰণ কৰি নি গুৱাহাটীৰ লজ এটাত উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ প্ৰাপ্ত তথ্য মতে শুৱালকুছিৰ নাৰায়ণ বৈশ্য (২১) নামৰ যুৱকজনৰ লগত শিঙিমাৰী বৰচুবুৰিৰ নিবাসী চম্পক বৰ্মনৰ একমাত্ৰ জীয়ৰী তথা ৰামসৰস্বতী একাডেমীৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰীগৰাকীৰ লগত দীৰ্ঘদিনীয়া সম্পৰ্ক৷ এই সূত্ৰে যুৱকজনে যুৱতীগৰাকীৰ ঘৰলৈ অহা-যোৱাও কৰে৷ যোৱা ১২ জুনৰ সন্ধিয়া প্ৰায় ৭ বজাত নাৰায়ণ বৈশ্যই তেওঁৰ বন্ধু ডেভিদ ডেকা (২২), ঋষি বৈশ্য (১৯) উদ্দীপ্ত বিক্ৰম বৈশ্য (২১)ক লগত লৈ এ এছ ০১-ই এছ ৮৬৮৭ নম্বৰৰ বলৰো গাড়ী এখনৰে শুৱালকুছিৰ পৰা গৈ শিঙিমাৰীত যুৱতীগৰাকীক জোৰকৈ গাড়ীত উঠাই নিমিষতে অন্তৰ্ধান হয়৷ নিশা ঘৰত যুৱতীগৰাকী নথকাত পৰিয়ালৰ লোকে বহুত বিচাৰ-খোঁচাৰ কৰিয়ো যুৱতীগৰাকীৰ কোনো সন্ধান নোপোৱাত পিতৃ চম্পক বৰ্মনে দদৰা আৰক্ষী চকীত ছোৱালীজনী সন্ধানহীন হোৱা বুলি এখন এজাহাৰ দাখিল কৰে৷ দদৰাৰ আৰক্ষীয়ে উক্ত এজাহাৰৰ ভিত্তিত ২০৪/২৪ আই পি চি ৩৬৫ নম্বৰত এটি গোচৰ ৰুজু কৰি জোৰ তদন্ত চলাই কালি সন্ধিয়া গুৱাহাটী দিছপুৰস্হিত পোড্ডাৰ ইন লজৰ এটা কোঠাৰ পৰা যুৱতীগৰাকীৰ সৈতে চাৰিও যুৱকক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ লগতে বলৰোখনো তাৰ পৰা উদ্ধাৰ কৰে৷ পিছত আৰক্ষীয়ে গাড়ীসহ আটাইকেইগৰাকীক দদৰা আৰক্ষী চকীলৈ আনি যুৱতীগৰাকীক স্বাস্থ্য পৰীক্ষাৰ বাবে শিঙিমাৰী চিকিৎসালয়ত ভৰ্ত্তি কৰে৷ আৰক্ষীয়ে ঘটনাটোৰ মূল অভিযুক্ত নাৰায়ণ বৈশ্যক গ্ৰেপ্তাৰ কৰি জেল-হাজোতলৈ প্ৰেৰণ কৰাৰ বিপৰীতে বাকী তিনিজনক সোধাপোছা কৰাৰ পিছত মুকলি কৰি দিয়ে৷ যুৱপ্ৰজন্মৰ এনে নৈতিক স্খলন কাৰ্যই সচেতন মহলক গভীৰ উদ্দিন্ন কৰি তুলিছে ৷

প্ৰেৰক দিলীপ মেধি

You might also like